বিজ্ঞানীৰ মত : তৃতীয় ঢৌ আহিছে বুলি কোৱাটো আগতীয়া হ’ব

0
442

নতুনকৈ বহু ৰাজ্যত কভিড ৰোগী বৃদ্ধি পোৱা আৰু প্ৰভাৱী ৰিপ্ৰডাকশ্যন (বংশ বৃদ্ধি) নম্বৰ দুশ্চিন্তাজনক, কিন্তু আতংকিত হ’বলগীয়া নহয়৷ ইয়াৰ পৰিৱৰ্তে মাস্ক পিন্ধক আৰু ভেক্‌চিন লওক৷ এইদৰে পৰামৰ্শ দি বিশেষজ্ঞই কয় যে এটা নতুন ঢৌ আৰম্ভ হৈছে বুলি ঘোষণা কৰাটো অকালপক্ব বা আগতীয়া হ’ব৷ প্ৰকৃততে এইটোও হ’ব পাৰে যে দ্বিতীয় ঢৌ শেষেই হোৱা নাই৷ ভাৰতৰ কভিডৰ গ্ৰাফ নিৰীক্ষণ কৰি থকা কেইবাজনো বিজ্ঞানীয়ে এইদৰে কয়৷ কিছু অঞ্চলতহে এনে হৈছে৷ উদাহৰণস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলত দিল্লী আৰু উত্তৰ ভাৰতৰ আন ৰাজ্যত দেখাৰ দৰে নতুন সংক্ৰমণৰ সংখ্যা নিম্ন পৰ্যায়লৈ যোৱা নাই৷ হাৰিয়ানাৰ অশোক বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ অধ্যাপক গৌতম মেননে এইদৰে কয়৷ সেই অৰ্থত আমি কভিডৰ নতুন এটা ঢৌত নহয়, সম্ভৱতঃ দ্বিতীয় ঢৌ অব্যাহত থকা দেখিছোঁ৷ বিজ্ঞানীসকলে কয় যে আমি আতংকিত নহৈ প্ৰস্তুত হোৱা উচিত৷ এয়া হৈছে মানুহে মাস্ক পিন্ধা আৰু ভেক্‌চিন লোৱাৰ সময়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here