বিজ্ঞানীৰ ভৱিষ্যদ্বাণী : ১১ ৰপৰা ১৫ মে’ত ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌ চৰম পৰ্যায়ত

0
1258

মে’ৰ মাজভাগলৈকে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিব৷ সেই সময়ত আক্ৰান্তৰ সংখ্যা তিনিগুণপৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে ১১ ৰপৰা ১৫ মে’ৰ ভিতৰত চৰম পৰ্যায়ত উপনীত হ’ব৷ বিজ্ঞানীসকলে এই ভৱিষ্যদ্ববাণী কৰিছে৷ বিজ্ঞানীসকলৰ মতে, মে’ৰ মাজভাগত দেশত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৩৩–৩৫ লাখলৈ বৃদ্ধি পাব৷ দেশত বৰ্তমানে সংক্ৰমিতৰ সংখ্যা বৃদ্ধিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কয় যে মে’ৰ মাজভাগলৈকে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিব৷ সেই সময়ত আক্ৰান্তৰ সংখ্যা তিনিগুণপৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ তেওঁলোকৰ মতে, ২৫–৩০ এপ্ৰিললৈ দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু তেলেংগানাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে ১–৫ মে’লৈ ওড়িষা, কৰ্ণাটক আৰু পশ্চিম বংগত, ৬–১০ মে’লৈ মহাৰাষ্ট্ৰ আৰু ছট্টিশগড়ত তথা বিহাৰত এপ্ৰিলৰ শেষৰ ভাগত কৰ’নাৰ সংক্ৰমণৰ ঢৌ চৰম পৰ্যায়ত উপনীত হ’ব৷ তেওঁলোকৰ মতে, ১–৫ মে’লৈ প্ৰতিদিনে ৩.৩–৩.৫ লাখ লোক সংক্ৰমিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here