বিজ্ঞানীৰ নতুন তথ্য : কভিড মৃতকৰ পৰা সংক্ৰমণৰ বিপদ একেবাৰেই নাথাকে

0
851
কৰ’না ভাইৰাছ-সংক্ৰমিত ব্যক্তি এজনৰ মৃত্যুৰ ১২ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ পাছত ব্যক্তিজনৰ নাক আৰু মুখগহ্বৰত কৰ’না ভাইৰাছ সক্ৰিয় হৈ নাথাকে৷ তাৰ ফলত মৃতকৰ পৰা সংক্ৰমণৰ বিপদ একেবাৰেই নাথাকে৷ এইম্‌ছৰ ফৰেনছিক বিভাগৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তাই এই কথা প্ৰকাশ কৰিছে৷ কিছুমান আইনগত কাৰণত মৰণোত্তৰ পৰীক্ষা কৰাবলগীয়া হোৱা কভিড-১৯ পজিটিভ ৰোগীসকলৰ দেহবোৰ এইম্‌ছৰ ফৰেনছিক মেডিচিন বিভাগত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত এই কথা জানিব পৰা গৈছে৷ যোৱা এবছৰ ধৰি এই অধ্যয়নটো চলোৱা হৈছিল৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দিশটো চাবলৈ মৃত্যু হোৱাৰ ১২-ৰ পৰা ২৪ ঘণ্টাৰ ব্যৱধানত দেহবোৰ পুনৰ পৰীক্ষা কৰা হৈছিল। তাৰ পৰা দেখা গৈছে যে মৃত্যুৰ ১২–২৪ ঘণ্টাৰ পাছত ব্যক্তি এজনৰ পৰা ভাইৰাছৰ সংক্ৰমণৰ বিপদ খুব‌ই কম৷ কিন্তু সতৰ্কতামূলক ব্যৱস্থা হিচাপে মৃতদেহ চোৱা বা অনা-নিয়া কৰা লোকসকলে মাস্ক, গ্ল’ভছ, পি পি ই কিট আদি পিন্ধাটো জৰুৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here