বাতৰিকাকতত খাদ্য খোৱাটো সমীচীননে?

0
1025

ইয়াৰ ক’লা ৰঙৰ দ্ৰব্যত বিষাক্ত পদাৰ্থ মিহলি হৈ থাকে৷ এই অভ্যাসৰ ফলত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগে শৰীৰ আক্ৰান্ত কৰিব পাৰে৷

প্ৰতিদিনে সন্ধিয়া চাহৰ লগত কিবা এটা নাস্তাৰ দৰকাৰ হয়৷ আৰু তেতিয়াই চপ, শিংঙৰা, পকৰা আদিলৈ মনটো ঢাল খায়৷ চপ, পকৰা কিনি আনিবলৈ যাওঁতে দোকানীয়ে বাতৰিকাকত বা ঠোঙাত বান্ধি দিয়ে৷ কিন্তু আপুনি হয়তো নাজানে যে এনেদৰে বাতৰিকাকতত খোৱাবস্তু বান্ধি আনি খালে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে৷ সাধাৰণতে বাতৰিকাকতৰ পৰা কাগজৰ ঠোঙা বনোৱা হয়৷ সেই কাকতবোৰ ছপা কৰা হয় নানা ৰকমৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত উপাদানেৰে৷ ইয়াৰ ক’লা ৰঙৰ দ্ৰব্যত বিষাক্ত পদাৰ্থ মিহলি হৈ থাকে৷

বাতৰিকাকতত মেৰিওৱা বস্তু খালে তাত থকা মাৰাত্মক ক্ষতিকৰ পদাৰ্থবোৰ পেটত সোমাই যায়৷ এই অভ্যাসৰ ফলত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগে শৰীৰ আক্ৰান্ত কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি খবৰৰ কাগজত মেৰিয়াই নিয়া বস্তু খালে শৰীৰত নানা ৰোগে আক্ৰমণ কৰিব পাৰে, আনকি মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ বাতৰি কাকতত মেৰিওৱা বস্তুৰ পৰা যিহেতু ৰোগৰ সৃষ্টিৰ সম্ভাৱনা যথেষ্ট থাকে, সেয়ে আমি পাৰ্যমানে বাতৰিকাকতত মেৰিওৱা বস্তু কেতিয়াও খাব নালাগে আৰু আনকো এই বিষয়ে পৰামৰ্শ দিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here