বদহজম দূৰ কৰাৰ ৫ টা উপায় কি?

0
1728

পেটৰ বিভিন্ন সমস্যাসমূহৰ ভিতৰত বদহজম অন্যতম৷ আমাৰ দৈনন্দিন খাদ্যাভ্যাস, অনিয়মিত খাদ্য গ্ৰহণ আনকি খাই উঠিয়েই লগে লগে শুই যোৱাৰ ফলতো কেতিয়াবা গেছ, এচিডিটি, শৌচ খোলোচা নোহোৱা আদি সমস্যাই দেখা দিব পাৰে৷ এনেধৰণৰ সমস্যা ৰোধ কৰাৰ কেইটামান ঘৰুৱা টিপছ জানো আহক–

(১) তিয়ঁহত থকা ফাইবাৰে পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷ গতিকে নিয়মিত তিয়ঁহৰ সেৱনে ডিহাইড্ৰেশ্যন, এচিডিটি আদিৰ সমস্যা নিৰ্মূল কৰে৷
(২) কলত থকা এণ্টিঅক্সিডেণ্ট আৰু পটেচিয়ামে বদহজম দূৰ কৰাত সহায় কৰে৷ দৈনিক দুটাকৈ কল খালে শৌচ খোলোচা হয়৷
(৩) পেটত গৰম সোমালেও বদহজম হ’ব পাৰে৷ ইয়াৰ বাবে নাৰিকলৰ পানী অতি উত্তম৷ নাৰিকলৰ পানী সেৱনৰ দ্বাৰা পাচন প্ৰক্ৰিয়া সুস্থ হৈ থাকে৷
(৪) তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে৷ যি পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায়ক হয়৷ ইয়াত থকা লাইক’পিনে ছাল সুন্দৰ কৰি ৰখাৰ লগতে শৌচ খোলোচা কৰে৷
(৫) সদায় ৰাতিপুৱা নেমুৰ ৰসৰ লগত মৌজোল মিহলাই খালে বদহজম দূৰ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here