বতাহত কিমান মিটাৰপৰ্যন্ত বিয়পিব পাৰে কৰ’না?

0
1985

দুৱাৰ-খিৰিকী বন্ধ কৰি এ চি চলালে কোঠাৰ ভিতৰত সংক্ৰমিত বায়ু জমা হয় আৰু তাত থকা আন লোকৰো সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি কৰে৷ সেয়েহে ঘৰ তথা কাৰ্যালয় আদিত ফেন চলাই, দুৱাৰ-খিৰিকী খুলি বায়ু চলাচলৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷

কৰ’নাৰ সংক্ৰমণ হোৱা ব্যক্তিৰ মুখৰ পৰা ওলোৱা এৰ’ছল বতাহত ১০ মিটাৰপৰ্যন্ত দূৰত্বলৈকে বিয়পিব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে যোৱা ২০ মে’ত কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ প্ৰকাশ কৰা নতুন নীতি-নিৰ্দেশনাত এই কথা কোৱা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনৰ কাৰ্যালয়ৰ পৰা এই নতুন নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হৈছে৷ ইয়াত কোৱা হৈছে যে কৰ’নাৰ সংক্ৰমণ হোৱা ৰোগীৰ পৰা দহ মিটাৰ দূৰত্বৰ ভিতৰত থকা লোকো সংক্ৰমিত হ’ব পাৰে৷ সেয়েহে তেনে লোকৰ পৰা দহ মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে৷ ইয়াৰ লগতে এইবুলিও কোৱা হৈছে যে লক্ষণ নথকা সংক্ৰমিত ব্যক্তিৰ পৰা কৰ’নাৰ সংক্ৰমণ হ’ব পাৰে৷ সেয়েহে কৰ’নাৰ নীতি-নিয়ম কঠোৰভাৱে পালন কৰিবলৈ ইয়াত কোৱা হৈছে৷ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা ষ্টপ দ্য ট্ৰেন্সমিশ্যন, ক্ৰছ দ্য পেনডেমিক শীৰ্ষক এই নীতি-নিৰ্দেশনাত ঘৰ তথা কাৰ্যালয়ত বতাহৰ চলাচলত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াত কোৱা হৈছে যে যিবিলাক স্থানত বতাহৰ চলাচলৰ পৰ্যাপ্ত সুবিধা আছে তেনে স্থানত সংক্ৰমণ বিয়পাৰ সম্ভাৱনাও কম৷ আনহাতে দুৱাৰ-খিৰিকী বন্ধ কৰি এ চি চলালে কোঠাৰ ভিতৰত সংক্ৰমিত বায়ু জমা হয় আৰু তাত থকা আন লোকৰো সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি কৰে৷ সেয়েহে ঘৰ তথা কাৰ্যালয় আদিত ফেন চলাই, দুৱাৰ-খিৰিকী খুলি বায়ু চলাচলৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷ ড্ৰপলেট দুই মিটাৰপৰ্যন্ত বতাহত ওপঙি থকাৰ পাছত তললৈ সৰি পৰে, কিন্তু এৰ’ছল দহ মিটাৰপৰ্যন্ত ওপঙি থাকিব পাৰে৷ নীতি-নিৰ্দেশনাত কোৱা হৈছে যে সংক্ৰমিত ব্যক্তিৰ নাক তথা মুখৰ পৰা ওলোৱা ড্ৰপলেট আৰু এৰ’ছল সংক্ৰমণ বিয়পোৱাৰ মূল কাৰণ৷ কিন্তু বাহিৰৰ পৰা বতাহ সোমোৱাৰ ব্যৱস্থা থাকিলে সংক্ৰমণৰ আশংকা হ্ৰাস পায়৷ ইয়াত লগতে এই কথাও কোৱা হৈছে বিভিন্ন পৃষ্ঠত সংক্ৰমিত ব্যক্তিৰ পৰা নিৰ্গত হোৱা ড্ৰপলেট দীঘলীয়া সময়লৈকে থাকিব পাৰে৷ আন কথাত তেনে পৃষ্ঠত কৰ’না ভাইৰাছ দীঘলীয়া সময়লৈকে জীৱিত হৈ থাকে৷ সেয়েহে দুৱাৰৰ হেণ্ডেল, লাইটৰ ছুইছ, টেবুল-চকী, মজিয়া আদি ব্লিশ্বিং আৰু ফেনাইলৰ দৰে ডিছইনফেকটেণ্টৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here