বজাৰত সতেজ ফল দেখিলেই ভোল নাযাব : ইয়ে আপোনাৰ বাবে হ’ব পাৰে বৰবিহ

0
2548

আপুনি বজাৰৰ পৰা কিনি খোৱা ফল-মূল আপোনাৰ বাবে প্ৰকৃততে উপকাৰীনে? ফল-মূলৰ ভিতৰত বিশেষকৈ কলৰ চাহিদাৰ লগতে জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ফলৰ ব্যৱসায়ীয়ে অতি সহজতে পকিবলৈ ‘গেছ’ (কাৰ্বাইড) ব্যৱহাৰ কৰে৷ বজাৰত প্ৰায় প্ৰতিজন সৰ্বসাধাৰণ ক্ৰেতাই বিক্ৰেতাক সোধা প্ৰথম প্ৰশ্নটোৱেই হ’ল– কলবোৰ ‘গেছ’ত পকোৱা নেকি? এনেধৰণে সহজ ভাষাত গেছত পকোৱা বুলি কোৱা কলবোৰত সাধাৰণতে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি অতি কম খৰচতে আৰু সহজতে পকোৱা হয়৷ এইদৰে পকোৱা কল আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক৷ আজিকালি ৰাসায়নিক পদাৰ্থ মিহলাই কৃত্ৰিমভাৱে পকোৱা ফল-মূলে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷

প্ৰশ্ন হ’ল– বিভিন্ন ফল-মূল, কল, আম আদি পকোৱাত ব্যৱহাৰ কৰা এই বহুচৰ্চিত আমি সাধাৰণ ভাষাত জনা ‘গেছ’– অৰ্থাৎ কেলচিয়াম কাৰ্বাইডে মানৱ স্বাস্থ্যলৈ কেনেদৰে ভাবুকি কঢ়িয়াইছে জানো আহক– 

কাৰ্বাইড হৈছে কেলচিয়ামযুক্ত কাৰ্বনৰ এক যৌগ৷ ইয়াৰ সম্পূৰ্ণ নাম হৈছে CAC২৷ এইবিধ যৌগ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায়৷ সাধাৰণতে কাৰ্বাইড বৰণহীন যদিও ইয়াত থাকি যোৱা অশুদ্ধি যেনে– আৰ্ছেনিক আৰু ফচফৰাছৰ বাবে ইয়াক ধোঁৱাবৰণীয়া বা ক’লা বৰণৰ দেখা যায়৷ ৰাসায়নিক উদ্যোগত কাৰ্বাইড বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ প্লাষ্টিক প্ৰস্তুতিৰ উপৰি কেলচিয়াম ছায়েনামাইড নামৰ এবিধ সাৰ প্ৰস্তুতত কাৰ্বাইড ব্যৱহাৰ কৰা হয়৷ এনে এবিধ বিষাক্ত দ্ৰব্য বৰ্তমান সময়ত বেপাৰীবোৰে কল পকাবলৈ ব্যৱহাৰ কৰিবলৈ লৈছে৷ বাস্তৱতে দেখা যায় যে কেঁচা ফলৰ ওপৰত কাৰ্বাইডৰ দ্ৰব্য ছটিয়াই বা পাউডাৰ ছটিয়াই অলপ ঢাকোন দি ৰাখিলে অতি সহজতেই ৰাতিটোৰ ভিতৰতে কেঁচা কল পকি খোৱাৰ উপযোগী হৈ পৰে৷ এনে কাৰ্বাইড দি পকোৱা কল খালে মানৱ দেহত কেনে ক্ৰিয়া কৰে, সেইটো সকলোৰে বিদিত৷ সামগ্ৰিকভাৱে ইয়াৰ কু-প্ৰভাৱত মানুহৰ যকৃত আৰু দেহৰ অন্য অংশত পৰিব পাৰে৷ বিশেষজ্ঞসকলে কোৱা মতে এনে কল খোৱাৰ ফলত মানৱ দেহত কৰ্কট ৰোগৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে৷ কাৰ্বাইড দি পকোৱা ফল যদি ভালকৈ ধোৱাও হয়, তেতিয়া কম মাত্ৰাত ফলৰ ভিতৰভাগত থাকি যোৱা পাৰ্টছ পাৰ ট্ৰিলিয়নৰ পৰিমাণেই দেহৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হ’ব পাৰে৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু প্ৰমাণীকৰণ কতৃৰ্পক্ষই কাৰ্বাইড নামৰ এইবিধ মাৰাত্মক দ্ৰব্য ফল পকোৱাত ব্যৱহাৰ নকৰিবৰ বাবে নিষিদ্ধ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here