বছৰৰ প্ৰথম দিনটোত ভাৰতত কিমান নৱজাতকৰ জন্ম হৈছে জানেনে?

0
2244


নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ এক জানুৱাৰীত ভাৰতত ৬০ হাজাৰ শিশুৱে জন্মগ্ৰহণ কৰে৷ ইউনিচেফে এই তথ্য প্ৰকাশ কৰিছে৷ আনহাতে, চীনত বছৰৰ প্ৰথম দিনটোত জন্ম হয় ৩৫,৬১৫ শিশুৰ৷ উল্লেখযোগ্য যে ইউনিচেফে কৰা অনুমান মতে বিশ্বত নৱবৰ্ষৰ প্ৰথম দিনটোত জন্ম হয় প্ৰায় ৩,৭১,৫০৪ শিশুৰ৷ ইয়াৰে ৫২% শিশুৰ জন্ম হয় মাত্ৰ দহখন দেশত৷ চলিত বছৰটোত বিশ্বত প্ৰায় ১৪,০০০ কোটি শিশুৰ জন্ম হ’ব বুলি ইউনিচেফে অনুমান কৰিছে৷ ইউনিচেফৰ ৭৫ সংখ্যক জয়ন্তী উপলক্ষে ইয়াৰ কাৰ্যবাহী সঞ্চালক হেনৰিতা ফ’ৰে কয় যে এই বছৰ এক সুকীয়াধৰণৰ পৰিৱেশৰ মাজত শিশুৰ জন্ম হ’ব৷ এই বছৰ যোৱা বছৰৰ তুলনাত বিশ্বই এক নতুন জগতত প্ৰৱেশ কৰিছে আৰু ই বিশ্বৰ পুনৰ সংস্থাপনত এক সুযোগ দিব৷ তেওঁ কয় যে এতিয়া বিশ্বই কৰ’না মহামাৰী, অৰ্থনৈতিক মন্দাৱস্থা, বৰ্ধিত দৰিদ্ৰতা আৰু গভীৰ বৈষম্যৰ সন্মুখীন হৈছে৷ এনে অৱস্থাত ইউনিচেফৰ কামৰ প্ৰয়োজনীয়তা সদায় মহান বুলি তেওঁ কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here