বগা মূলাৰ এনে কি আছে উপকাৰিতা || What are the benefits of white radish?

0
1479

শীতকালত বজাৰত পোৱা ফুলকবি, বন্ধাকবি, গাজৰ, বিলাহী আদি নানাধৰণৰ পাচলিৰ ভিতৰত মূলাও অন্যতম৷ এই সকলোবোৰ পাচলিয়েই আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী৷ ইয়াৰ ভিতৰত মূলা আমাৰ খাদ্য তালিকাত ৰখাটো অতি প্ৰয়োজনীয়৷ বিশেষজ্ঞৰ মতে বগা মূলাৰ উপকাৰিতা বহুত৷ মূলাই শৰীৰৰ কেনেদৰে উপকাৰ সাধন কৰে জানো আহক৷

Stick Fresh White Radish at Price Range 180.00 - 250.00 INR/Kilograms in Jalna | ID: 6986478


(১) নিয়মিতভাৱে বগা মূলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ থাকে৷ হাইপাৰটেনশ্যন ৰোগীয়ে মূলা নিয়মীয়াকৈ খালে সুফল পোৱা যায়৷


(২) মূলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷


(৩) মূলাত যথেষ্ট পৰিমাণে ভিটামিন-C পোৱা যায় বাবে যিসকলৰ কফজনিত সমস্যা, ঠাণ্ডা লগাৰ সমস্যা আদি আছে, তেনে লোকে মূলা খোৱাটো ভাল৷


(৪) মূলাত থকা উপাদানে শৰীৰত অক্সিজেনৰ মাত্ৰা সঠিক ৰাখে৷ সেয়েহে যিসকলৰ হৃদজনিত সমস্যা আছে, তেওঁলোকে মূলা খালে এই সমস্যাৰ পাব নিৰাময় পাব পাৰে৷


(৫) হজমৰ সমস্যা নিৰাময়ৰ বাবে মূলা খাব পাৰে৷ ই হজম প্ৰক্ৰিয়া উন্নত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here