ফোনত কথা কোৱাৰ আগতে প্ৰথমে হেল্ল’ কিয় কয় ?

0
44

বৰ্তমান সময়ত প্ৰায় নব্বৈ শতাংশ মানুহেই মোবাইল ফোন ব্যৱহাৰ কৰে৷ মোবইলটো সকলোৰে বাবে এটা এৰাৰ নোৱৰা সামগ্ৰী হৈ পৰিছে৷ আমি সকলোৱে মোবাইল ফোনত কল আহিলেই প্ৰথমে হেল্ল’ বুলি সম্বোধন কৰিহে কথা পাতিবলৈ আৰম্ভ কৰোঁ৷ আপুনি জানেনে এই যে আমি ফোনটো তুলিয়েই হেল্ল’ শব্দটো কওঁ, এই শব্দটো কেতিয়াৰ পৰা উৎপত্তি হয় আৰু কোনো প্ৰথম ব্যৱহাৰ কৰিছিল এই হেল্ল’ শব্দটো৷ আনহাতে মোবাইল ফোন মানে হ’ল মোবাইলৰ অৰ্থ ভ্ৰাম্যমাণ আৰু ফোনৰ অৰ্থ যোগাযোগ৷ অৰ্থাৎ মোবাইল ফোনৰ অৰ্থ ভ্ৰাম্যমাণ যোগাযোগ বা যাৰ মাধ্যমেৰে ভ্ৰাম্যমাণ অৱস্থাত যোগযোগ কৰা হয়৷ এটা কথা আমি জানো যে টেলিফোনৰ আৱিস্কাৰক আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল৷ পৃথিৱীৰ সকলো মানুহেই ফোন কি বস্তু এই আৱিষ্কাৰৰ পাছতে চিনাকি হৈছিল৷ অৱশ্যে গ্ৰাহাম বেলে আৱিষ্কাৰ কৰাৰ পাছত বৰ্তমান সময়লৈ নতুন নতুন তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি ফোনৰ সকলো দিশ সলনি কৰিছে৷ মোবাইল ফোনত বাৰ্তালাপৰ সময়ত এই হেল্ল’ শব্দটো প্ৰত্যেকেই ব্যৱহাৰ কৰি থাকে যদিও কিন্তু মোবাইল ফোন ব্যৱহাৰকাৰীৰ মাজৰ নব্বৈ মানুহেই এই হেল্ল’ শব্দটোৰ উৎপত্তি তথা অৰ্থ নাজানে৷ জানিব পৰা মতে গ্ৰাহাম বেলৰ সকলোতকৈ ওচৰৰ বান্ধৱীজনৰ মান আছিল মাৰ্গাৰেট হালো৷ তেওঁৰ নাম অনুসৰিয়েই এই হেল্ল’ শব্দটোৰ উৎপত্তি হয়৷ গ্ৰাহাম বেলে তেওঁৰ নিকট বান্ধৱীজনীক ভাল পাবলৈ হেল্ল’ বুলিয়েই মাতিছিল৷ আৰু সেই হেলোৰ পৰাই সলনি হৈ হেল্ল’ হয়গৈ৷ অৰ্থাৎ প্ৰেমিকাক মৰমতে মতা এই হেল্ল’ নামটোৱেই পৰৱৰ্তী সময়ত বিশ্ববিখ্যাত হৈ পৰে৷ এতিয়াও সেই হেল্ল’ শব্দটোৱে ফোনৰ উত্তৰৰ একমাত্ৰ শব্দ হিচাপেই ৰৈ গ’ল৷ এতিয়া হয়তো নিশ্চয় বুজিবলৈ সক্ষম হৈছে যে ফোন কৰিলে বিপৰীত ফালৰ পৰা সেই হেল্ল’ শব্দৰ ৰহস্যৰ আঁৰৰ কথা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here