ফেচিয়েল ষ্টিমিং কি? ছালৰ বাবে কিয় ভাল ? What is facial steaming? How does it help the skin?

0
888

আজিকালি বহুতেই ফেচিয়েল ষ্টিমিঙৰ বিষয়ে জানেই৷ বিভিন্ন ধৰণৰ পাৰ্লাৰ, স্পা আদিত ফেচিয়েল ষ্টিমিঙৰ সহায়ত ছালৰ ট্ৰিটমেণ্ট কৰা হয়৷ এতিয়া যিসকলে ফেচিয়েল ষ্টিমিঙৰ বিষয়ে নাজানে, তেওঁলোকক ক’ব বিচাৰিছোঁ যে ফেচিয়েল ষ্টিমিং হৈছে মুখৰ ছালত গৰম পানীৰ ভাপ লোৱা প্ৰক্ৰিয়া৷ গৰম পানী নাকেৰে ল’লে যিদৰে নাকৰ বিভিন্ন সমস্যা চৰ্দি, কাহ বা হাঁওফাঁওজনিত সমস্যা নিৰাময় হয়, একেদৰে ইয়াৰ ভাপ ছালত লগালেও ছালৰ বিভিন্ন সমস্যা দূৰ হয়৷

How to do a facial steam with herbs - Delicious Living


(১) গৰম পানীৰ ভাপে ছালত থকা সৰু সৰু ছিদ্ৰসমূহ খোল খুৱাই ভিতৰৰ পৰা ছালখনত লাগি থকা ধূলি-বালি, বেক্টেৰিয়া, মৃতকোষ আদি পৰিষ্কাৰ কৰাত সহায় কৰে৷ ফলত পিম্পলছ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷


(২) গৰম পানীৰ ভাপে তেজৰ সৰবৰাহ উন্নত কৰি ছালখন উজ্জ্বল কৰি তোলে৷

10 Benefits of Facial Steam And How To DIY - NICOLEVALEK.COM | Facial steaming, Skin care business, Skin facts


(৩) অকল এয়াই নহয়, ই ছালখনক হাইড্ৰেট কৰি প্ৰাকৃতিকভাৱে মসৃণ কৰাত সহায় কৰে৷


(৪) এনেদৰে লোৱা গৰম পানীৰ ভাপে ছালখনৰ লগতে মন-মগজু শান্ত কৰি আপোনাক আৰাম প্ৰদান কৰিব পাৰে৷


(৫) ই ছালত কলাজেন বৃদ্ধি কৰি মুখৰ পৰা বয়সৰ চাপ দূৰ কৰাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here