ফুলে কেনেকৈ শৰীৰ সুস্থ কৰি ৰাখিব পাৰে?

0
1333
প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী ফুল যে অকল শোভা বৰ্ধনৰ বাবে প্ৰয়োজন, তেনে নহয়৷ শৰীৰৰ যিকোনো সমস্যা নিৰাময় কৰাতো ফুলে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ তেন্তে আহকচোন আজি আমি স্বাস্থ্য ধৰি ৰখাত ফুলৰ ভূমিকা কি সেই সম্পৰ্কে জানো৷

(১) প্ৰাচীন যুগৰে পৰা কটা-ছিঙাত তেজ বন্ধ কৰিবলৈ নাৰ্জি ফুল ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াৰ উপৰি বিছাই ডাকিলে, বিষাক্ত সাপে খুটিলে নাৰ্জি ফুল পিহি মলম কৰি লগালে বিষ কমে৷

Tagetes erecta - efloraofindia


(২) মাহেকীয়া অনিয়মীয়া হ’লে পাঁচপাহমান জবা ফুলৰ কলি পিচি খালী পেটত খালে ঋতুস্ৰাৱ নিময়ীয়া হয়৷ চুলিৰ সৌন্দৰ্য বৃদ্ধিতো জবা ফুল অন্যতম৷

joba flower All products are discounted, Cheaper Than Retail Price, Free Delivery & Returns OFF 64%


(৩) বকুল ফুলৰ ৰসৰ লগত এচামুচ ক’লা খাৰ আৰু মৌ মিহলি কৰি গৰম কৰি খালে ৰক্তহীনতা ৰোগ ভাল হয়৷

Pin on FLOWER FLORA


(8) মেলেৰিয়া জ্বৰ ,পাল জ্বৰ, কৃমি নাশ কৰিবলৈ শেৱালি ফুল এমুঠি ভাজি পুৱা খালী পেটত খাব লাগে৷ সৰু ল’ৰা-ছোৱালীৰ ভোক নালাগিলে শেৱালি ফুল ভাজি খুৱালে ভোক লগা আৰম্ভ হয়৷

POINTS TO PONDER: J for "(Night-flowering) Jasmine"


(৫) চকু ৰঙা পৰা ৰোগত বগা গোলাপ ফুলৰ পাহি পানীত তিয়াই ৰাখি চকুত দিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

Top 10 Most Beautiful White Roses

LEAVE A REPLY

Please enter your comment!
Please enter your name here