ফুচ্‌কাৰ কিবা আছেনে উপকাৰিতা?

0
2030


ফুচ্‌কা বা পানীপুৰী এবিধ মুখৰোচক উপকৰণ৷ এই ফুচ্‌কা বা পানীপুৰীৰ নাম শুনিলেই জিভাৰ পৰা পানী সৰি পৰে৷ তেঁতেলিৰ পানী সৈতে ফুচকাৰ জুতি নোলোৱা মানুহ কম আছে৷ ঠাণ্ডা দিনত ইয়াৰ চাহিদা বহুত৷ বহুতে ফুচ্‌কা বিচাৰি বাটকুৰি বাই গৈয়ো ফুচ্‌কাৰ জুতি লয়৷ আপোনাক যদি কোৱা হয় যে ফুচ্‌কাই শৰীৰৰ ওজন কমাত সহায় কৰে, আপুনি হয়তো বিশ্বাস কৰিবলৈকে টান পাব৷ কিন্তু আচৰিত হ’লেও সেইটোৱে সত্য কথা যে শৰীৰৰ চৰ্বি নিয়ন্ত্ৰণত ফুচ্‌কাই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ সেয়েহে ডায়েট কণ্ট্ৰেলৰ তালিকাত আপুনি ফুচ্‌কাকো অন্তৰ্ভুক্ত কৰিব পাৰে৷ শালপাতৰ বাটিত তেঁতেলিৰ পানী , আলু পিটিকাৰ সৈতে ফুচ্‌কাৰ সোৱাদৰ তুলনা নাই৷ শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত ফুচ্‌কাই সহায় আগবঢ়ায়৷ এটা ফুচ্‌কাত কমেও ৩৬ কেলৰি থাকে৷ ডায়টেচিয়ানসকলৰ মতে ঘৰতে ফুচ্‌কা তৈয়াৰ কৰি নিয়মিতৰূপে খালে ওজন নিয়ন্ত্ৰণত ৰখাত সহায়ক হয়৷ কাৰণ ঘৰত তৈয়াৰী ফুচ্‌কাত কম পৰিমাণৰ তেল ব্যৱহাৰ কৰা হয়৷ আনহাতে চেনিৰ ব্যৱহাৰ কম হয়৷ পদিনা, জিৰা, হিং আদি দি পানীয়টো প্ৰস্তুত কৰিও খোৱা হয়৷ ইয়াৰ উপৰি খাদ্য হজম হোৱাত ফুচ্‌কাই নিৰ্ণায়ক ভূমিকা লয়৷ তেঁতেলিত যিহেতু টাৰটাৰিক এচিড যথেষ্ট পৰিমাণে থাকে, সেয়ে অত্যধিক পৰিমাণৰ ফুচ্‌কা খালে পেট চলা, পেটৰ বিষ, ডায়েৰিয়া, বমি আদি ৰোগ হ’ব পাৰে৷ সেয়ে মাত্ৰাধিক ফুচ্‌কা খাব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here