ফিলিপাইনৰ লোকে সামাজিকমাধ্যমত আটাইতকৈ বেছি সময় কটায়

0
290


সামাজিক মাধ্যম এতিয়া যোগাযোগৰ এক প্ৰধান মাধ্যম হৈ পৰিছে৷ এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে বহুতো নজনা কথা জানিব পাৰি৷ ইয়াৰ লগতে সামাজিক মাধ্যমে মনোৰঞ্জনৰ খোৰাকো যোগায়৷ বিশ্বৰ প্ৰায় সকলো দেশৰে লোকসকল সামাজিক মাধ্যমত সক্ৰিয় হৈ থাকে৷ ইয়াৰ ভিতৰত সামাজিক মাধ্যমত আটাইতকৈ বেছি সময় কটোৱা দেশখন হ’ল ফিলিপাইন৷ ফিলিপাইনৰ নাগৰিকসকলে দৈনিক গড়ে ৪ ঘণ্টা ৬ মিনিট সময় সামাজিক মাধ্যমত সক্ৰিয় হৈ থাকে৷ ৱৰ্ল্ড অব্‌ ষ্টেটেটিক্‌ছৰ তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ ফিলিপাইনত ইণ্টাৰনেট ব্যৱহাৰ কৰা ১৬-৬৪ বছৰ বয়সৰ লোকসকলৰ ভিতৰত প্ৰতি সপ্তাহত ৯৭.২ শতাংশ লোকে ইণ্টাৰনেটত ভিডিঅ’ চাই পাৰ কৰে৷ বিশ্বত এই হাৰ হ’ল ৯২ শতাংশ৷ এই তালিকাত ভাৰত অৱশ্যে চতুৰ্দশ স্থানত আছে৷ ভাৰতৰ লোকসকলে গড় হিচাপত দৈনিক ২ ঘণ্টা ৩৬ মিনিট সময় সামাজিক মাধ্যমত কটায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here