ফাইজাৰৰ ছিটা কৰ’নাৰ বিৰুদ্ধে কিমান কাৰ্যকৰী?

0
1315

এই ফাইজাৰ বায়’এন টেক্‌ৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ দুসপ্তাহৰ পাছতে ই কৰ’না ভাইৰাছৰ ভাৰতীয় প্ৰকাৰ B.1.617.2 ভেৰিয়েণ্টৰ বিৰুদ্ধে কাম কৰিবলৈ পূৰ্ণ প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰে৷

বৰ্তমান বিশ্বজুৰি কভিডে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ নিতৌ কৰ’নাৰ নতুন নতুন ৰূপসমূহে দেশৰ জনসাধাৰণক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ অৱশ্যে ইয়াৰ প্ৰতিৰোধৰ বাবে চিকিৎসা বিজ্ঞানীসকলে নানাধৰণৰ ভেক্‌চিন উৎপাদন নকৰাও নহয়৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব পৰা ভেকচিন কভিশ্বিল্ড আৰু কভেক্সিনৰ নব্বৈ শতাংশই লাভ কৰিছে৷ কিন্তু ভাৰতত চিনাক্ত হোৱা ডাব্‌ল আৰু ট্ৰিপ্‌ল মিউটেণ্টে এতিয়াও ত্ৰাসৰ সৃষ্টি কৰি আছে৷ শেহতীয়াকৈ ব্ৰিটিছ চিকিৎসা বিজ্ঞান সংস্থা 'পাব্লিক হেল্‌থ ইংলেণ্ড' ৰ দ্বাৰা চলোৱা এটা অধ্যয়নে বৰ্তমান জনতাৰ মাজলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ যোৱা ২৩ মে’ত 'পাব্লিক হেল্‌থ ইংলেণ্ডে' জনায় যে ফাইজাৰ বায়’এন টেক্‌ ভেক্‌চিনৰ দুটা ড’জে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰে৷ তেওঁলোক জনায় যে এই ফাইজাৰ বায়’এন টেক্‌ৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ দুসপ্তাহৰ পাছতে ই কৰ’না ভাইৰাছৰ ভাৰতীয় প্ৰকাৰ B.1.617.2 ভেৰিয়েণ্টৰ বিৰুদ্ধে কাম কৰিবলৈ পূৰ্ণ প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰে৷ এই ভেক্‌চিন ৮৮ শতাংশ কাৰ্যকৰী বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ উল্লেখ্য যে ফাইজাৰ বায়’এন টেক্‌ৰ ভেকচিনে ব্ৰিটেইনত কৰ’নাৰ B.1.1.7 ৰ বিৰুদ্ধে ৯৩ শতাংশ সফল হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here