পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীক খোৱাৰ ক্ষেত্ৰত কিদৰে যত্ন ল’ব?

0
2058

স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত ভাল ৰিজাল্টৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ পৰীক্ষাৰ কেইদিনত পৰীক্ষাৰ্থীসকলৰ ওপৰত যথেষ্ট মানসিক চাপ পৰে৷ সেয়ে এই সময়খিনিত খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী৷ সাধাৰণতে এই সময়ত এনে খাদ্য খাব লাগে, যিয়ে স্মৃতিশক্তি প্ৰখৰ কৰাত অৰিহণা যোগায়৷

স্মৃতিশক্তি ভালে ৰাখিবলৈ এনে কি খাদ্য খাব লাগে, জানো আহক–

(১) ষ্ট্ৰবেৰিয়েই হওক বা ব্লুবেৰি, ইয়াত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ ইয়াৰ উপৰি বেৰিত বিভিন্ন ধৰণৰ উপাদান আছে, যিয়ে মস্তিষ্কক সক্ৰিয় আৰু সচল কৰি ৰখাত সহায় কৰে৷ ষ্ট্ৰবেৰি খালে স্মৃতিশক্তি প্ৰখৰ হয়৷ সেয়ে পৰীক্ষাৰ সময়ত সন্তানক বেছিকৈ খুওৱাটো আৱশ্যক৷


(২) সন্তানত ডাৰ্ক চকলেট খাব দিব লাগে– বিশেষকৈ পৰীক্ষাৰ সময়ত৷ ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান পোৱা যায়৷ ডাৰ্ক চকলেটত থকা ফ্লাভোনয়েড, এণ্টিঅক্সিডেণ্টে সন্তানৰ মন সক্ৰিয়, প্ৰফুল্লিত কৰি তোলে৷ ফলস্বৰূপে পঢ়াত মনোযোগ বৃদ্ধি পায়৷ মানসিক ক্লান্তি আৰু অৱসাদ দূৰ কৰাত ডাৰ্ক চকলেটে মুখ্য ভূমিকা পালন কৰে৷


(৩) সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে দিনে এমুঠি বাদামজাতীয় খাদ্য খোৱাটো উচিত৷ বাদাম, আলমণ্ড বা তেনেজাতীয় খাদ্যত যথেষ্ট পৰিমাণে ফেট, প্ৰ’টিন, ফাইবাৰ পোৱা যায়, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা কৰিবলৈ এনাৰ্জিৰ যোগান ধৰে৷


(৪) ব্ৰেইন বুষ্টিং হিচাপে কণীৰ তুলনা নাই৷ কণীত পোৱা ছেলেনিয়াম, ওমেগা-৩ আদি আমাৰ নাৰ্ভ ভালে ৰখাৰ বাবে উপযোগী উপাদান৷ সেয়ে ছাত্ৰ-ছাত্ৰীক দিনত এটাকৈ হ’লেও কণী খাব দিব লাগে৷

(৫) ব্ৰাউন ৰাইচ, গম আদি গোটা শস্যবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন, গ্লুকজ আদি পোৱা যায়৷ এইবোৰ খাদ্য খালে সঠিকভাৱে মগজুৱে কাম কৰাত সহায় কৰে৷ তদুপৰি এইবোৰ খাদ্য এবাৰ খালে বহু সময় ধৰি ভোক নলগাকৈ থাকে আৰু শৰীৰক প্ৰচুৰভাৱে শক্তি যোগান ধৰে৷


(৬) ব্ৰেকফাষ্টৰ কাৰণে প্ৰস্তুত কৰিবলৈ সকলোতকৈ সহজ খাদ্যবিধ হ’ল ওটচ্‌৷ ই পুষ্টিগুণেৰে ভৰা৷ আমাৰ মস্তিষ্কৰ বাবে ওটচ্‌ অত্যন্ত প্ৰয়োজনীয়৷ ইয়াত থকা ভিটামিন-ই, পটেচিয়াম আৰু জিংক পঢ়ি থকা ল’ৰা-ছোৱালীৰ বাবে অতি প্ৰয়োজনীয়৷ সেয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ খাদ্য-তালিকাত নিয়মিতভাৱে ওটচ্‌ ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here