পৰীক্ষাৰ আগত মনটো কেনেকৈ স্থিৰে ৰাখিব ? How to stabilise your mind before exams?

0
366
বহুতো ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সময়ত ভয়, চিন্তা আদিয়ে মনটোক জুমুৰি ধৰা দেখা যায়৷ ফলত তেওঁলোকৰ পঢ়া মনত নথকা, হতাশা, পঢ়াৰ প্ৰতি মনোযোগ কমি যোৱা, সময়ৰ অভাৱ এইধৰণৰ সমস্যাসমূহে দেখা দিয়ে৷ এটা কথা মনত ৰাখিব, আপুনি আপোনাৰ পৰীক্ষাৰ বাবে যিমান দিন বা বছৰ আগৰ পৰাই প্ৰস্তুতি নচলাওক কিয়, যদি পৰীক্ষাৰ আগমুহূৰ্তত আপোনাৰ মনটো স্থিৰে নাথাকে, তেন্তে সকলো বিফল৷ সেয়েহে এনে সময়ত মন-মগজু শান্ত কৰি ৰখাৰ খুবেই প্ৰয়োজন৷ ইয়াৰ বাবে আপুনি এইকেইটা টিপছ অনুসৰণ কৰিব পাৰে৷

(১) প্ৰথমটোৱেই হৈছে টোপনি৷ বহুতো ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ হেঁচাত শুবলৈ পাহৰি যায়৷ তেওঁলোকৰ এনেকুৱা ভাব হয় যে শুলে তেওঁলোকৰ পঢ়াৰ সময়কণ অথলে যাব৷ কিন্তু আচলতে পৰ্যাপ্ত আৰু আৰামদায়ক টোপনিয়ে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে লগতে কোনো কামৰ প্ৰতি একাগ্ৰতা বঢ়োৱাত সহায় কৰে৷

ProSquad: Teenage Sleep Requirements and Babies After C-Section | Parenting Squad


(২) দ্বিতীয়টো হৈছে বিশুদ্ধ বতাহ সেৱন৷ দৈনিক বিশুদ্ধ বায়ু তথা মুকলি বতাহৰ সংস্পৰ্শত থাকিলে পৰীক্ষাৰ আগত হোৱা যিকোনো চিন্তা, ভয়, হতাশা আদিৰ সৈতে মোকাবিলা কৰিব পাৰি৷

Walk along my field and watch me survive... | Alone girl, Nature, Nature girl


(৩) ইয়াৰ উপৰি ওমেগা৩ ফেটি এচিডযুক্ত খাদ্য যেনে– কাঠবাদাম, ফ্লেক্সচিডছ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে মগজুৰ কাৰ্যক্ষমতা উন্নত হোৱাৰ লগতে স্মৃতিশক্তিও বৃদ্ধি পায়৷

448 Woman Eating Walnuts Photos - Free & Royalty-Free Stock Photos from Dreamstime


(৪) যিমানেই সময়ৰ অভাৱ নহওক কিয়, পুৱাৰ ব্ৰেকফাষ্ট কোনোদিনে বাদ পৰা উচিত নহয়৷ ই শৰীৰটোক অতিৰিক্ত শক্তি প্ৰদান কৰি পঢ়াত মনোযোগ বৃদ্ধি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here