প্ৰেছাৰ কুকাৰত ৰান্ধিলে খাদ্যৰ গুণ কমে নেকি ? Does food cooked in a pressure cooker lose its beneficial properties?

0
421

আজিকালি ৰান্ধনীশালত ভাতৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যঞ্জন বনাবলৈ প্ৰেছাৰ কুকাৰটো অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ কম সময়ৰ ভিতৰত লগতে চাফ-চিকুণকৈ আপুনি প্ৰেছাৰ কুকাৰত খাদ্য সামগ্ৰী বনাব পাৰে৷ সময় ৰাহি হ’লেও প্ৰেছাৰ কুকাৰত বনোৱা খোৱা খাদ্যবস্তু স্বাস্থ্যসন্মত হয়নে? খাদ্যবস্তুৰ পুষ্টিগুণ প্ৰেছাৰ কুকাৰত বনালে কমি যায় নেকি? এই বিষয়ে বিভিন্ন প্ৰশ্ন আহে৷

Sunbeam Crock-Pot Recall: What You Need to Know - Top Class Actions


প্ৰেছাৰ কুকাৰৰ ভিতৰত বাষ্পৰ চাপে বনোৱা খাদ্য তৎক্ষণাৎ সিজাই দিয়ে৷ এই প্ৰক্ৰিয়াৰ কাৰণে খাদ্যৰ পুষ্টিগুণ নষ্ট হয় নেকি? এইধৰণৰ কথাও নহাকৈ নাথাকে৷ হয়, বিভিন্ন গৱেষণাৰ পৰা গম পোৱা মতে মূলতঃ প্ৰেছাৰ কুকাৰত খাদ্য ৰান্ধিলে খাদ্যৰ পুষ্টিগুণ নকমে৷
প্ৰেছাৰ কুকাৰত ৰন্ধাৰ ফলত খাদ্যত থকা এণ্টিঅক্সিডেণ্ট আৰু সক্ৰিয় হৈ উঠে৷ সেয়েহে প্ৰেছাৰ কুকাৰত বনোৱা খাদ্য খালে শৰীৰৰ পৰা আৰু বেছিকৈ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়ে৷
প্ৰেছাৰ কুকাৰত মাংস বনালে মাংস ভালদৰে সিজে৷ ফলত সহজে হজম হয় আৰু মাংসত থকা পুষ্টিগুণ বেছি মাত্ৰাত শৰীৰে গ্ৰহণ কৰে৷

Learn To Cook - NYT Cooking


যি পাচলিত ভিটামিন-C পোৱা যায়, সেইসমূহ শাক-পাচলি প্ৰেছাৰ কুকাৰত বনালে ৯০ শতাংশ ভিটামিন-C সংৰক্ষিত হৈ থাকে৷ আনহাতে অন্য পাত্ৰত বনালে ৬৬-৭৮ শতাংশ সংৰক্ষিত হৈ থাকে৷
কিছুমান খাদ্যত এনে উপাদান থাকে, যিসমূহে পুষ্টিগুণ আহৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে৷ পুষ্টিবিজ্ঞানৰ ভাষাত এইবোৰক এণ্টিনিউট্ৰিয়েন্স বোলা হয়৷ গৱেষণাত দেখা গৈছে যে প্ৰেছাৰ কুকাৰত ৰান্ধিলে খাদ্যত এই এণ্টিনিউট্ৰিয়েন্সৰ পৰিমাণ কমি যায়৷
কিছুমান খাদ্যদ্ৰব্যত থকা এমাইন’ এচিড প্ৰেছাৰ কুকাৰত বনালে নষ্ট হৈ যায়৷
সেয়েহে গম পোৱা গ’ল যে প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য শৰীৰৰ কাৰণে ভাল৷ ইয়াত ৰান্ধিলে খাদ্যৰ পুষ্টিগুণতো নষ্ট নহয়েই, বৰং কিছু ক্ষেত্ৰত বেছি বাঢ়িহে যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here