প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বিষয়ে জানো আহক

0
1101

ভাৰতীয় জনসংখ্যাৰ এটা বৃহৎ অংশ গ্ৰামাঞ্চলত বসবাস কৰে৷ তেওঁলোকৰ অধিকাংশই কোনোধৰণৰ সামাজিক নিৰাপত্তা প্ৰকল্পৰ আওতাত নপৰে৷ আনকি  এইসকল জনসাধাৰণৰ সৰহসংখ্যকে বেংকিং সুবিধাৰ উপভোগ নকৰে৷ ইয়াৰ বেছিভাগে চৰকাৰী আঁচনিবোৰৰ বিষয়ে অজ্ঞ৷ সাধাৰণ আৰু দৰিদ্ৰ লোকসকলৰ জীৱনৰ সংশোধন কৰাৰ লক্ষ্যৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ২০১৫ চনত পি এম এছ বি ৱাই নামৰ এক আঁচনিৰ শুভাৰম্ভণি কৰে৷ এই আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে ইয়াৰ বাস্তৱায়নক সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে গুৰুত্বপূৰ্ণ ভূ্‌মিকা পালন কৰিছে৷ পি এম এছ বি ৱাই আঁচনিৰ দুটা দিশে ইয়াৰ আকৰ্ষণীয় আৰু সহজলভ্য কৰি তোলে৷ প্ৰথম, ইয়াৰ স্পষ্ট বাহ্যৰূপ আৰু বোধগম্যতা অথবা এই প্ৰকল্পৰ অধীনত সৰ্বোচ্ছসংখ্যক মানুহক আচ্ছাদিত কৰা৷

বৰ্তমান সময়ত কোনো পৰিয়ালৰ মুৰব্বী সদস্যজনে যদি প্ৰতিবন্ধী হয় বা তেনে লোকৰ আকস্মিক মৃত্যু হয় তেনেহ’লে তেওঁৰ পৰিয়ালে কোনো প্ৰতিষ্ঠান বা গ্ৰুপৰ পৰা কোনো সুৰক্ষা বা সহায়তা নাপায়, এক কষ্টকৰ জীৱনৰ সন্মুখীন হ’বলগীয়া হয়৷ পি এম এছ বি ৱাই আঁচনিৰ যোগদানৰ মাধ্যমেৰে এটা নামমাত্ৰা প্ৰিমিয়াম প্ৰতিবছৰে মাত্ৰ ১২ টকা প্ৰদান কৰি আঁচনিখনৰ হিতাধিকাৰী হ’ব পাৰি৷ দুৰ্ঘটনাজনিত মৃত্যু বা স্থায়ী প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত ২,০০,০০০ লাখ টকাৰ এটা বীমা অথবা আংশিক কিন্তু সম্পূৰ্ণ প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত ১,০০,০০০ লাখ টকাৰ এটা বীমা কৰিব পাৰে৷ এই আঁচনি এক বছৰৰ বাবে বাহাল থাকে আৰু প্ৰতিবছৰে পুনৰনবীকৰণ কৰি আঁচনিৰ সুবিধা লাভ কৰিব পাৰি৷ ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ যিকোনো লোকে আধাৰকাৰ্ড সহিতে এটা ছেভিংছ বেংক একাউণ্ট খুলি পি এম এছ বি ৱাই আচনিৰ হিতাধিকাৰী হ’ব পাৰে৷ এই আঁচনিখন অব্যাহত ৰাখিবলৈ আঁচনিৰ অন্তৰ্ভুক্ত ব্যক্তিজনে বছৰৰ জুন মাহৰ প্ৰথম তাৰিখে ফৰ্ম জমা দিব লাগে৷ ব্যক্তিজনৰ একাউণ্টৰ পৰা ১২ টকাৰ প্ৰাপ্যতাৰ নিশ্চিতি স্বয়ংক্ৰিয়ভাৱে পুনৰনবীকৰণ হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here