প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ আহ্বান : লকডাউনৰ পৰা দেশক বচাব লাগিব

0
1436

দেশত বিশ্বৰ ভিতৰতে আটাইতকৈ কম দামত ভেক্‌চিন পোৱা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত যোৱা বছৰ ভেক্‌চিনৰ কাম আৰম্ভ কৰা হৈছিল ৷ দেশত ১২ কোটি লোকক ভেক্‌চিন দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১ মে’ৰ পৰা ১৮ বছৰৰ ঊধবৰ্ৰ ব্যক্তিকো ভেক্‌চিন দিয়া হ’ব৷

দেশক লকডাউনৰ পৰা বচাই ৰাখিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ যোৱা ২০ এপ্ৰিলৰ নিশা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত তেওঁ এই আহ্বান জনায়৷ দেশত কৰ’নাৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিয়ে অতি জটিল ৰূপ লোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘কৰ’নাৰ বিৰুদ্ধে দেশে আজি পুনৰ এক বৃহৎ যুঁজ দিছে৷ কেইসপ্তাহমানৰ আগলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল৷ এতিয়া এই দ্বিতীয় ঢৌ ধুমুহাৰ গতিত আহিছে৷ আপোনালোকে কেনেধৰণৰ পীড়া সহিব লগা হৈছে সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ৷ যিসকল লোকে বিগত দিনবোৰত নিজৰ আত্মীয়ক হেৰুৱালে তেওঁলোকক মই সমবেদনা জ্ঞাপন কৰিছোঁ৷ পৰিয়ালৰ এজন সদস্যৰূপে আপোনালোকৰ দুখৰ সমভাগী হৈছোঁ৷’ দেশ পুনৰ এক বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰত্যাহ্বান বৃহৎ, কিন্তু আমি সকলোৱে মিলি নিজৰ সংকল্প, সাহস আৰু প্ৰস্তুতিৰে সৈতে ইয়াক পাৰ কৰিব লাগিব৷’ প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে দেশৰ সকলো চিকিৎসক, মেডিকেল-পেৰা মেডিকেল কৰ্মী, চাফাই কৰ্মী, এম্বুলেন্সৰ চালক, নিৰাপত্তা বাহিনী, আৰক্ষী আদিক প্ৰশংসা কৰে কৰ’নাৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা সেৱাৰ বাবে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘কঠিনৰো কঠিন সময়ত ধৈৰ্য হেৰুৱাব নালাগে বুলি আমাৰ শাস্ত্ৰই কয়৷ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমি সঠিক সিদ্ধান্ত  ল’ব লাগিব তেতিয়াহে জয়লাভ কৰিব পাৰিম৷ এই মন্ত্ৰ সাৰোগত কৰি এতিয়া দেশে দিনে-নিশাই কাম কৰি আছে৷’ দেশত বৰ্তমান অক্সিজেনৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়টোত দ্ৰুত গতিত আৰু স্পৰ্শকাতৰভাৱে কাম কৰি থকা হৈছে৷ দেশত ঔষধৰ উৎপাদন বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কালি ঔষধৰ কোম্পানীৰ মুৰব্বীসকলৰ সৈতে তেওঁ আলোচনা কৰিছে৷ চিকিৎসালয়ত বিছনাৰ সংখ্যা বৃদ্ধিৰ বাবেও কাম থকা বুলি উল্লেখ কৰি তেওঁ কয় যে কভিড চিকিৎসালয় স্থাপনৰো কাম দ্ৰুতগতিত কৰি থকা হৈছে৷ দেশত বিশ্বৰ ভিতৰতে আটাইতকৈ কম দামত ভেক্‌চিন পোৱা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত যোৱা বছৰ ভেক্‌চিনৰ কাম আৰম্ভ কৰা হৈছিল ৷ দেশত ১২ কোটি লোকক ভেক্‌চিন দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১ মে’ৰ পৰা ১৮ বছৰৰ ঊধবৰ্ৰ ব্যক্তিকো ভেক্‌চিন দিয়া হ’ব৷ তেওঁ লগতে কয় যে এতিয়াৰ পৰা দেশত উৎপাদন কৰা ভেক্‌চিনৰ আধা অংশ ৰাজ্যসমূহ আৰু চিকিৎসালয়সমূহে লাভ কৰিব৷ আগৰ দৰেই চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ ভেক্‌চিন দিয়া হ’ব৷ দেশত অৰ্থনৈতিক কাম-কাজ অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কৰ’নাৰ পৰা বচোৱাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে অৰ্থনৈতিক কাম-কাজ আৰু জীৱন নিৰ্বাহত যাতে কম প্ৰভাৱ পেলায় তাৰ প্ৰতি মনোযোগ দিবলৈ আহবান জনায়৷ তেওঁ দেশক লকডাউনৰ পৰা বচাই ৰখাত গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহক অন্তিম অস্ত্ৰ ৰূপেহে লকডাউন বলৱৎ কৰাৰ পৰামৰ্শ দিয়ে৷ তেওঁ কয়, ‘সেইটো কৰিলে চৰকাৰে সান্ধ্য আইন বা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰো প্ৰয়োজন নহ’ব৷ লকডাউনৰো প্ৰশ্নই নুঠে৷’ প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ কণ্টেইনমেণ্ট জ’নতো গুৰুত্ব আৰোপ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here