প্ৰত্যেকবাৰ আহাৰ গ্ৰহণৰ পাছত এই কামটো কৰিবই || Do this invariably after every meal

0
2009
ৰাতি ভাত খাই উঠিয়েই আমাৰ প্ৰত্যেকৰে বিছনালৈ যোৱাৰ অভ্যাস৷ কিয়নো দিনটোৰ ইমান ব্যস্ততাৰ অন্তত ৰাতি আমাৰ শৰীৰটোক জিৰণিৰ প্ৰয়োজন৷ ই একেবাৰে স্বাভাৱিক৷ কিন্তু প্ৰত্যেকবাৰ আহাৰ খোৱাৰ পাছত আপুনি শুই যোৱাৰ পৰিৱৰ্তে যদি এই কামটো কৰে, তেন্তে অধিক সুফল লাভ কৰিব পাৰিব৷ এইটো হৈছে খোজকঢ়া৷ 

আয়ুৰ্বেদৰ মতে লাঞ্চ বা ডীনাৰ কৰি উঠি আমি ‘শতপাৱলি’ কৰা উচিত৷ ই মাৰাঠী ভাষাৰ পৰা অহা৷ ‘শত’ মানে– এশ আৰু ‘পাৱলি’ মানে– খোজ৷ অৰ্থাৎ ভাত খোৱাৰ পাছত এশ খোজ কাঢ়িলে আমাৰ শৰীৰৰ গোটেই ছিষ্টেমটো ভালে থাকে৷

benefits of walking after dinner paidal chalne ke labh brmp | Benefits Of Walking: रात में खाना खाने के बाद पैदल चलना क्यों जरूरी? जानिए गजब के फायदे | Hindi News, सेहत

এনেদৰে ভাত খাই উঠি খোজকঢ়াৰ ফলত মেটাবলিজম বৃদ্ধি হৈ কেলৰি বাৰ্ন হোৱাত সহায়ক হয়৷ লগতে পাচন প্ৰক্ৰিয়া সুস্থ কৰি গেছ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু অন্য পেটৰ সমস্যা নিৰাময় কৰে৷
আপোনাৰ যদি ৰাতি টোপনি নহাৰ সমস্যা আছে, তেন্তে ভাত খাই উঠি অলপ সময় খোজ কাঢ়ক৷ ই ভাল টোপনি অহাত সহায় কৰে৷
লগতে ডায়েবেটিছ ৰোগীয়ে ভাত খাই উঠি খোজকঢ়াটো খুবেই ভাল৷ ই ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখাত অৰিহণা যোগায়৷
অৱশ্যে ভাত খাই উঠি বেছি বেগাই খোজ নাকাঢ়িব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here