প্ৰ’টিন ছাপ্লিমেণ্ট, নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ ICMRৰ আহবান

0
56

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে দেশৰ জনসাধাৰণক বডি মাছ বা শৰীৰৰ ওজন বৃদ্ধিৰ বাবে প্ৰ’টিন ছাপ্লিমেণ্টৰ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ তথা নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ, শৰ্কৰাৰ পৰিমাণ তথা আল্ট্ৰা প্ৰচেছড খাদ্য হ্ৰাস কৰিবলৈ তথা স্বাস্থ্যজনক খাদ্যৰ বাবে খাদ্যৰ পেকেটত থকা তথ্য পঢ়িবলৈ আহবান জনাইছে৷ অত্যাৱশ্যকীয় পুষ্টিকৰ দ্ৰব্যৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ তথা অসংক্ৰমণীয় ৰোগ প্ৰতিৰোধ কৰিবলৈ দেশৰ শীৰ্ষ চিকিৎসা গৱেষণা পৰিষদৰ অধীনত হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় পৰিপুষ্টি প্ৰতিষ্ঠানে ভাৰতীয়ৰ বাবে খাদ্যাভ্যাসৰ নিৰ্দেশিকাৰ সংশোধন প্ৰকাশ কৰে৷ আই চি এম আৰ-এন আই এনৰ সঞ্চালিকা ড॰ হেমলতা আৰৰ নেতৃত্বত বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰা এই সংশোধন সোতৰটা নিৰ্দেশিকা দিছে৷ খাদ্যাভ্যাসৰ নিৰ্দেশাৱলীত কোৱা হৈছে যে দীৰ্ঘদিন বৃহৎ পৰিমাণৰ প্ৰ’টিন পাউডাৰ বা অতি বেছি ঘনীভূত প্ৰ’টিন খালে হাড়ৰ খনিজ দ্ৰব্য হানি আৰু বৃক্কৰ ক্ষতিৰ দৰে বিপদৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে নিৰ্দেশিকাত কোৱা হৈছে যে শৰ্কৰাৰ পৰিমাণ গ্ৰহণ কৰা মুঠ খাদ্যশক্তিৰ পাঁচ শতাংশতকৈও কম হোৱা উচিত৷ আনহাতে সুষম খাদ্যত বীজ শস্য আৰু মিলেটৰ পৰা ৪৫ শতাংশতকৈও বেছি কেলৰি অহা উচিত নহয়৷ বাকী কেলৰি বাদাম জাতীয় খাদ্য, শাক-পাচলি, ফল-মূল আৰু গাখীৰৰ পৰা অহা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here