প্ৰ’টিন আৰু জিংকযুক্ত ধান উৎপাদনৰ দিশত অগ্ৰসৰ অসম

0
820
ধানত শৰ্কৰাৰ পৰিমাণ অধিক থকাত কিছুসংখ্যক লোকে ভাত খোৱা কমাই দি ৰুটী খোৱা আৰম্ভ কৰিছে৷ এনে এক সময়ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস আৰু প্ৰ’টিন, জিংকৰ পৰিমাণ অধিক থকা ধানৰ প্ৰজাতি অসমলৈ আহিছে৷
পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন, জিংকযুক্ত ধান উৎপাদনৰ দিশত অগ্ৰসৰ হৈছে অসম৷ ওড়িষাৰ কটকত থকা ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে উদ্ভাৱন কৰি উলিওৱা পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিনযুক্ত, জিংকযুক্ত ধান অসমতো উৎপাদন কৰাৰ বাবে কৃষি বিভাগে উদ্যোগ গ্ৰহণ কৰিছে৷ কেৱল সেয়াই নহয়, খৰাংসদৃশ পৰিস্থিতি আৰু বানৰ সৈতে মোকাবিলা কৰিব পৰা প্ৰজাতিৰ ধানৰো খেতি কৰিবলৈ অসম ক্ৰমাগতভাৱে আগবাঢ়িছে৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত পৰীক্ষামূলকভাৱে এনে ধৰণৰ প্ৰজাতিৰ ধান খেতি আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে অসমত পৰম্পৰাগতভাৱে খেতি কৰি অহা ধানত শৰ্কৰাৰ পৰিমাণ অধিক থকাত কিছুসংখ্যক লোকে ভাত খোৱা কমাই দি ৰুটী খোৱা আৰম্ভ কৰিছে৷ এনে এক সময়ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস আৰু প্ৰ’টিন, জিংকৰ পৰিমাণ অধিক থকা ধানৰ প্ৰজাতি অসমলৈ আহিছে৷ অনুসন্ধান কৰি জানিব পৰা মতে, কটকৰ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে প্ৰ’টিন আৰু জিংযুক্ত CR ধান-৩১০ আৰু CR ধান-৩১১ উদ্ভাৱন কৰাৰ পাছত সম্প্ৰতি এই দুটা প্ৰজাতিৰ ধান অসমৰ খেতিপথাৰ আহি পাইছে৷ CR ধান-৩১০ আৰু CR ধান-৩১১ত প্ৰায় ১০ শতাংশ প্ৰ’টিন আৰু জিংক থকা বুলি জানিব পৰা গৈছে৷ প্ৰ’টিন আৰু জিংকযুক্ত এই প্ৰজাতিৰ ধানৰ উৎপাদনো আন ধানৰ তুলনাত অধিক বুলি জনা গৈছে৷ বিশেষকৈ অসমত উৎপাদিত হৈ অহা পৰম্পৰাগত প্ৰজাতিৰ ধানসমূহৰ পৰিৱৰ্তে CR ধান-৩১০ আৰু CR ধান-৩১১-ৰ উৎপাদন বহু বেছি৷ সম্প্ৰতি পৰীক্ষামূলকভাৱে কেইবাটাও অঞ্চলত এই ধানৰ খেতি আৰম্ভ কৰা হৈছে৷ এই প্ৰজাতিৰ ধানৰ উৎপাদন আশা কৰা ধৰণে সম্ভৱ হ’লে অনাগত দিনত বহলভিত্তিত খেতি কৰাৰ বাবে কৃষি বিভাগে পদক্ষেপ ল’ব বুলি জানিব পৰা গৈছে৷ কটকৰ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে উদ্ভাৱন কৰা কম শৰ্কৰাযুক্ত আৰু অধিক পৰিমাণৰ প্ৰ’টিন আৰু জিংকযুক্ত এই দুবিধ প্ৰজাতিৰ ধান অসম আহি পোৱাৰ পাছত একেটা গৱেষণা প্ৰতিষ্ঠানে খৰাং আৰু বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ উদ্ভাৱন কৰা প্ৰজাতিৰ ধানো অসম আহি পাইছে৷ কৃষি বিভাগৰ এক উচ্ছস্তৰীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি CR ধান-৮০১, CR ধান-৩০১ আদি প্ৰজাতিৰ ধান চলিত বৰ্ষত কামৰূপ জিলাৰ গেৰুৱাকে ধৰি আন কোনো কোনো অঞ্চলত এই প্ৰজাতিসমূহৰ ধান খেতি কৃষকে আৰম্ভ কৰিছে৷ পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই প্ৰজাতিৰ ধান খেতি সফল হ’লে এই প্ৰজাতিৰ ধানে বিশেষ সমাদৰ লাভ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here