প্ৰ’টিনৰ আৱশ্যকতা কিমান? কয়দীৰো প্ৰ’টিনযুক্ত খাদ্যৰ বাবে আৱেদন

0
1212
Sushil Kumar, Inspired by Mary Kom, Targets 2020 Tokyo Olympics Gold In Grand Return To Wrestling
আমাৰ শৰীৰৰ বাবে প্ৰ’টিনৰ প্ৰয়োজনীয়তা কিমান? তাক হয়তো আপুনি অনুমান কৰিব নোৱাৰিব৷ প্ৰ’টিনযুক্ত খাদ্যৰ গুণাগুণৰ বিষয়ে জনাজনে কিন্তু ভালকৈয়ে জানে৷ খোদ কয়দীয়েও যদি প্ৰ’টিনযুক্ত খাদ্য যোগান ধৰিবলৈ আদালতত আৱেদন জনায়, তাতকৈও আৰু কি আচৰিত কথা থাকিব পাৰে৷ অৱশ্যে এই কয়দীজন আন কোনো নহয়, হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ জে’লৰ ভাত খাবলগীয়া হোৱা ভাৰতত তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ৷ ২০০৮ ৰ অলিম্পিকত ব্ৰঞ্জৰ পদক আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক জয়ী মল্লযোদ্ধাগৰাকীয়ে প্ৰ’টিনযুক্ত খাদ্য বিচাৰি আদালতত আৱেদন জনায়৷ তেওঁ আগন্তুক টকিঅ’ অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি জে’লৰ ভিতৰত প্ৰ’টিনযুক্ত খাদ্য, অ’মেগা থ্ৰী কেপছুল, জইণ্টমেণ্ট কেপছুল, মাল্টি ভিটামিন জি আৰু চি আদিৰ দৰে হাই প্ৰ’টিন ছাপ্লিমেণ্ট গ্ৰহণ কৰিব বিচাৰিছে৷ সুশীল কুমাৰৰ অধিবক্তাই আৱেদনত উল্লেখ কৰে যে হাই প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ নকৰিলে মল্লযোদ্ধাগৰাকীৰ ক্ৰীড়া কেৰিয়াৰ ধবংস হ’ব আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here