Home Daily news প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে দক্ষিণ পশ্চিম ইউৰোপক

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে দক্ষিণ পশ্চিম ইউৰোপক

গ্ৰীষ্ম প্ৰৱাহে দহিছে দক্ষিণ পশ্চিম ইউৰোপক৷ উক্ত অঞ্চলত উষ্ণতাই অভিলেখ গঢ়াৰ লগে লগে বিধবংসী বনজুয়ে ছাৰখাৰ কৰিছে বিশাল অঞ্চল৷ যোৱা সপ্তাহৰ প্ৰথমৰ পৰা বনজুইত হাজাৰ হাজাৰ হেক্টৰ ভূমি পুৰি ছাৰখাৰ হোৱা তথা বহু লোকৰ মৃত্যু হোৱাৰ মাজতে ফ্ৰান্স, পৰ্টুগাল, স্পেইন আৰু গ্ৰীচত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপণৰ চেষ্টা কৰি আছে৷ যোৱা কেইসপ্তাহৰ ভিতৰত দক্ষিণ পশ্চিম ইউৰোপত হোৱা এয়া হৈছে দ্বিতীয় গ্ৰীষ্ম প্ৰৱাহ৷ 
বিজ্ঞানীসকলে ইয়াৰ বাবে জলবায়ুৰ পৰিৱৰ্তনকে দোষী কৰিছে৷ বনজুইৰ কাৰণে ফ্ৰান্সৰ জিৰণ্ড অঞ্চলৰ পৰা প্ৰায় ১৪ হাজাৰ লোকক স্থানান্তৰ কৰা হয়৷ স্পেইনত ৪০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ [১০৪ ডিগ্ৰী ফাৰেনহাইট]  অধিক উষ্ণতাৰ সৈতে গ্ৰীষ্ম প্ৰৱাহৰ বাবে যোৱা সপ্তাহত অতি কমেও ৩৬০জন লোকৰ মৃত্যু হৈছে৷ স্পেইনৰ কিছু অঞ্চলত উষ্ণতা ৪৫ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ সময়ত ১২৩জন লোকৰ মৃত্যু হয়৷
স্পেইনৰ প্ৰতিৱেশী দেশ পৰ্টুগালত ৭-১৩ জুলাইত যোৱা বৰ্ষতকৈ ২৩৮জন অধিক লোকৰ মৃত্যু হয়৷ এই মৃত্যু কৰ’নাৰ বাবে নহয়, গ্ৰীষ্মৰ বাবেহে বুলি নিশ্চিত কৰা হৈছে৷ বেছিভাগ ক্ষেত্ৰতে মৃত্যু হোৱা লোকসকল হৈছে বয়সৰ বাবে বা পূৰ্বৰ ৰোগৰ বাবে দুৰ্বল লোক৷ ইফালে ইউনাইটেড কিংডমত অত্যধিক গৰমৰ বাবে প্ৰথমবাৰৰ বাবে ‘ৰেড’ সতৰ্কীকৰণ জাৰি কৰা হৈছে৷ বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে দক্ষিণ ইংলেণ্ডত অনাগত দিনত উষ্ণতা ৪০ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বৃদ্ধি পাব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,