প্ৰকৃততে ব্লেক ফাংগাছ কি?

0
721


বৰ্তমান সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে৷ কৰ’নাৰ সংক্ৰমণৰ ফলত দৈনিক লাখৰ ঘৰত সংক্ৰমিত হৈছে৷ একেদৰে মৃত্যুৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছ নামৰ ৰোগবিধে এতিয়া সকলোৰে নিদ্ৰা হৰণ কৰিছে৷ শেহতীয়াকৈ ৰাজ্যত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছে আৰু যোৱা ১৯ মে’ত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্লেক ফাংগাছত আক্ৰান্ত এজন যুৱকৰ মৃত্যু হৈছে৷ ৰাজ্যৰ চিকিৎসালয়ত কৰ’না আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পাছত ব্লেক ফাংগাছত পুনৰ আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱাৰ বাতৰি পোৱা গৈছে৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চিকিৎসা মহল৷ কিয়নো, ৰোগ প্ৰতিৰোধ কম থকা লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে এই ব্লেক ফাংগাছে৷ ব্লেক ফাংগাছৰ দ্বাৰা আক্ৰান্ত হ’লে চকু বা নাকৰ চাৰিওফালে বিষ অনুভৱ হয় আৰু চকু ৰঙা পৰে, চকু ফুলি যায়৷ শৰীৰত জ্বৰ হোৱা, মূৰৰ বিষ, কাহ, উশাহ চুটি হোৱা, বমি হোৱা, গালৰ হনুৰ উপৰিভাগত বিষ অনুভৱ, মানসিক অৱস্থাৰ তাৰতম্য হোৱা, শৰীৰ অৱশ হোৱা, বুকুৰ বিষ আদি লক্ষণবোৰ দেখা দিয়ে৷ নাক সোপা মাৰি ধৰা, নাকেৰে ক’লা পানী বা তেজ ওলোৱা, দাঁত দুৰ্বল হৈ পৰা, কাহিলে তেজপৰ্যন্ত ওলোৱা আদি কাৰকবোৰ ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছে আক্ৰান্ত লোকজনৰ দেহত দেখা দিব পাৰে৷ আনকি মুখত হ’লে মাংসপেশীলৈকে পচি যাব পাৰে লগতে দৃষ্টিশক্তিপৰ্যন্ত নোহোৱা হোৱাৰ সম্ভাৱনা থাকে এইবিধ ভেঁকুৰৰ সংক্ৰমণত৷ ই এবিধ বিৰল ৰোগ৷ ব্লেক ফাংগাছ Mucormycete এবিধ অতিকে বিৰল প্ৰজাতিৰ ভেঁকুৰ৷ ব্লেক ফাংগাছ এনে এবিধ ৰোগ, যি সাধাৰণতে সেইসকল মানুহকহে আক্ৰমণ কৰে, যিসকলে ইতিমধ্যে কিছুমান জটিল ৰোগত আক্ৰান্ত হৈ আছে৷ এনে লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে বাবে এইবিধ ভেঁকুৰে দুৰ্বলতাৰ পূৰামাত্ৰাই সুবিধা গ্ৰহণ কৰি এনে লোকক আক্ৰমণ কৰে৷ এই ৰোগৰ এণ্টিফাংগেলৰ দ্বাৰা চিকিৎসা কৰা হয়৷ শৰীৰৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা,ষ্টেৰয়ডৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু ইমিউনোমডুলেটিং ঔষধ বন্ধ কৰাটো অত্যন্ত জৰুৰী৷ আনহাতে দীঘলীয়া সময়জুৰি আই চি ইউত থকা ৰোগীৰ ক্ষেত্ৰত বা অক্সিজেন অভাৱজনিত ৰোগৰ বাবে অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ ফলত অব্যৱহৃত, পুৰণি চিলিণ্ডাৰৰ পৰাই এইবিধ ভেঁকুৰৰ সংক্ৰমণ হোৱাৰ তথ্য লাভ কৰিছে৷ দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান এইম্‌ছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই ব্লেক ফাংগাছ সংক্ৰমণত ষ্টেৰয়ডৰ অপব্যৱহাৰৰ বাবে বৃদ্ধি হৈছে বুলি জনায়৷ মধুমেহ ৰোগীয়ে অধিক ষ্টেৰয়ড ব্যৱহাৰ কৰে বাবে, আৰু কৰ’না ৰোগীৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় বাবে এইবিধ ভেঁকুৰৰ দ্বাৰা সহজে আক্ৰান্ত হয়৷ বৰ্তমানলৈকে হাৰিয়ানাত ২৭ গৰাকী, মধ্যপ্ৰদেশত ৫০ গৰাকী, লক্ষ্ণৌত ১৭ গৰাকী, অসমত এগৰাকী ব্লেক ফাংগাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছে৷
আনহাতে ব্লেক ফাংগাছৰ লক্ষণ শৰীৰত দেখা দিয়াৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসাৰ দিহা কৰিব লাগে৷ ইয়াৰ পৰা বাচিবলৈ পৰাপক্ষত অপৰিষ্কাৰ ঠাই, ধূলি-মাকতিৰ পৰা আঁতৰি থাকিব লাগে৷ মুখত মাস্ক পিন্ধাটো অত্যন্ত আৱশ্যক৷ খোৱা-লোৱা, ব্যৱহাৰ্য সামগ্ৰীসমূহ চাফ-চিকুণকৈ ৰখা লগতে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে৷ এই ৰোগবিধ অতি ক্ষিপ্ৰগতিত সংক্ৰমণ হৈ খৰতকীয়াকৈ মগজুত আক্ৰমণ কৰে৷ গতিকে তাৰ আগতে সকলোৱে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে নিশ্চয়কৈ সুফল পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here