প্লাষ্টিক ধবংস কৰিব পৰাএনজাইম আৱিষ্কাৰ বিজ্ঞানীৰ

0
204

গৱেষকে জানিছিলেই যে ৬০ পৰা ৭০ ডিগ্ৰী চেলচিয়াছত থাকিলে এদিন হ’লেও পিইটি পেকেট পূৰামাত্ৰা ধবংস হৈ যাব৷ অৱশিষ্ট হিচাপে ৰ’ব মাত্ৰ কিছু বিল্ডিং ব্লক৷ ইয়াৰ প্ৰামাণিক সত্যতা অৱশেষত লাভ কৰিলে বিজ্ঞানীয়ে৷ জাৰ্মানিৰ লাইপছিছ বিশ্ববিদ্যালয়ে কৰা এক গৱেষণাৰ পৰা এনজাইম উৎপন্ন কৰিছে, যিয়ে ৰেকৰ্ড সময়ত প্লাষ্টিক ধবংস কৰিব পাৰে৷ জানিব পৰা মতে এই প্ৰক্ৰিয়াত ১৬ ঘণ্টাত পিইটি প্লাষ্টিকৰ ৯০ শতাংশপৰ্যন্ত ধবংস কৰিব পাৰে এই এনজাইমে৷ এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰিবলৈ ইয়াক ৬০-৭০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত গৰম কৰিলেই হ’ব৷ লাইপছিছ বিশ্ববিদ্যালয়ৰ বায়’কেমিষ্ট ক্ৰিষ্টিয়ান জনেনডেকাৰ নেতৃত্বত উক্ত গৱেষকৰ দলটোৱে বিশ্বাস কৰে প্লাষ্টিকৰ সমস্যা সমাধানৰ মুঠ চাবিকাঠী হ’ব পাৰে এই বায়’টেকনোলজি৷ গৱেষকৰ দলটোৱে জনোৱা মতে প্ৰকৃতিয়ে কিদৰে কাম কৰিছে সেয়া সকলোৱে দেখিছে৷ প্ৰকৃতিয়ে এনজাইম ব্যৱহাৰ কৰি পলিমাৰ ধবংস কৰে, তেওঁলোকেও সেইটোৱে কৰা বুলি মত ব্যক্ত কৰে৷ উক্ত গৱেষকৰ দলটোৱে লাইপছিছৰ অন্যতম এক প্ৰধান কবৰস্থানৰ কম্পোষ্টৰ স্তূপত এই এনজাইম আৱিষ্কাৰ কৰে৷  দলটোক নেতৃত্ব দিয়া জনেনডেকাই জনোৱা মতে পাতত মমৰ আৱৰণৰ নিচিনা কিছু পোৱা যায়৷ কিউটিন এটা পলিমাৰ, যি এষ্টাৰ বন্ধনীৰ যোগেদি প্ৰস্তুত হয়৷ পিইটিও সেই একেটাই৷ বিভিন্ন বায়’প্লাষ্টিকৰ ক্ষেত্ৰতো বিষয়টো একে৷ এনজাইম বিভিন্ন ধৰণৰ পলিয়েষ্টাৰ ছিঙি বা ভাঙি পেলাব পাৰি৷ আনহাতে এনজাইমে কিদৰে দ্ৰুতভাৱে কাম কৰে সেইটো বৰ্ণনা কৰে জনেনডেকাই৷ ৬০-৭০ ডিগ্ৰী চেলচিয়াছত থাকিলে পিইটিৰ পেকেট সম্পূৰ্ণ ধবংস হৈ যায়৷ তেওঁ আৰু কয় যে ইয়াৰ নাম দিয়া হৈছে পিএইচএল-ছেভেন৷ এই মানে হৈছে পলিয়েষ্টাৰ হাইড্ৰলেজ লাইপছিছ আৰু ছেভেন দিয়াৰ কাৰণ হ’ল ৯টা এনজাইমৰ মাজৰ সাত নম্বৰটোৱে সকলোতকৈ ভাল কাম কৰিছে৷ এই প্ৰসংগত তেওঁৰ দলটোৱে পৰৱৰ্তী কৰ্মসূচী হিচাপে এনজাইমৰডিএনএ পৰিৱৰ্তন কৰিবলৈ চেষ্টা চলাব৷ ইয়াৰ বাবে তেওঁলোকে আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here