পেট কামুৰিলে কি কৰিব?

0
2399

পেটৰ সমস্যাসমূহৰ ভিতৰত পেট কামোৰাটোও এটা অন্যতম৷ সাধাৰণতে অত্যধিক ভোজন, ঘনাই ঘনাই যিকোনো বস্তু খোৱা, খোৱা বস্তু হজম নোহোৱা, অধিক পৰিমাণত চাহ, কফি, মাদকদ্ৰব্য সেৱন কৰাৰ ফলত বা অতিপাত গৰম বা ঠাণ্ডা বস্তু খোৱাৰ ফলতো পেট কামুৰিব পাৰে৷ পেট কামোৰা সমস্যা হ’লে পেটত খামোচ মাৰি ধৰাৰ দৰে লাগে, পেট বিষায়, শৌচ কৰা লাগে যদিও শৌচ খোলোচা নহয়, পেট ফুলে৷ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত পেট কামোৰা অধিক হোৱা দেখা যায়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ–
(১) আদাৰ ৰস আৰু মৌজোল মিহলি কৰি গৰম পানীৰ লগত খাব লাগে৷
(২) পদিনা আৰু মূলাৰ লগত অলপ চেনি মিহলি কৰি খালে পেটৰ বিষ নাইকিয়া হয়৷
(৩) পিঁয়াজৰ ৰসৰ লগত চেনি মিহলি কৰি খালে পেটৰ কামোৰণিৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(৪) নিমখৰ লগত নহৰুৰ ৰস মিহলি কৰি খাব লাগে৷
(৫) পুৰণি কুঁহিয়াৰৰ ৰস খালেও যথেষ্ট উপকাৰ পোৱা যায়৷
(৬) নৰসিংহ পাতৰ লগত পানী মিহলাই খালে সুফল পোৱা যায়৷
(৭) মানিমুনি বা ভেদাইলতাৰ ৰস খালেও হজম হৈ শৌচ খোলোচা হয়৷
(৮) চফগুটি আৰু ক’লা নিমখ পিহি গৰম গাখীৰৰ সৈতে খালেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here