পেটৰ চৰ্বি কমোৱাৰ সহজ উপায় কি?

0
2373

সুস্থ মন আৰু শৰীৰৰ শ্বাস-প্ৰশ্বাসৰ মাজত সামঞ্জস্য ৰখা অৰ্থাৎ এক কথাত Deep breathing কৰা খুব ভাল৷ Deep breathing-এ মনোযোগিতা বঢ়ায়, লগতে মানসিক চাপ কম কৰাত সহায় কৰে৷ সামগ্ৰিকভাৱে স্বাস্থ্যৰ উন্নতিৰ লগতে শৰীৰৰ ওজন কমোৱাত কিছুমান ব্যায়ামে সহায় কৰে৷ বহু আগৰে পৰা স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰাণায়ামকে ধৰি বহুতো আসন কৰি থকা হৈছে৷ আনহাতে জিম, ডায়েট বা অন্য জটিল কাৰ্য বাদ দিও মাত্ৰ breathing exercise কৰিলেও ওজন হ্ৰাস পায়৷

এনে বহুতো Deep Breathing ব্যায়াম আছে, যিবিলাক প্ৰতিদিনে কৰিলে শৰীৰৰ ওজন কমাত মুখ্য ভূমিকা পালন কৰে


(১) ডায়ফ্ৰাগমেটিক ব্ৰিডিং– শৰীৰৰ পাৰ্যমানে উশাহ-নিশাহৰ ক্ষেত্ৰত কম-বেছি হ’লে শৰীৰত নানা বিষাক্ত দ্ৰব্য জমা হয় লগতে দেহলৈ অক্সিজেনৰ সৰবৰাহ কমি যায়৷ ডায়ফ্ৰাগমেটিক ব্ৰিডিঙৰ অভ্যাস কৰিলে অক্সিজেনৰ যোগান শুদ্ধভাৱে আৰু নিয়মমাফিক পেটলৈ সোমায়৷ এনে কৰিলে পেট পৰিষ্কাৰ হয় আৰু পেশীবোৰ সক্ৰিয় হয় আৰু পেটত চৰ্বি কমে৷


(২) কপালভাটি বা স্কাল চাইনিং ব্ৰিডিং– কপালভাটি বা স্কাল চাইনিং এটা অতি সুফলদায়ক কৌশল৷ স্বাস্থ্যৰ সামগ্ৰিক উন্নতিৰ কাৰণে কপালভাটি কৰা হয়৷ কপালভাটি কৰিলে হজম শক্তি বাঢ়ে, ওজন কমোৱাত সহায় কৰে, চৰ্বি কমায় লগতে যোগাত্মক এনাৰ্জি শৰীৰত প্ৰৱেশ কৰে ৷


(৩) নাড়ী শোধন ব্যায়াম বা অল্টাৰনেট নষ্ট্ৰিল ব্ৰিডিং– এই ব্যায়ামে শৰীৰৰ হজম ক্ষমতা বহুগুণে বৃদ্ধি কৰে৷ এই ব্যায়াম কৰিলে শৰীৰত প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰৱেশ কৰে আৰু ওজন হ্ৰাস হোৱাত অৰিহণা যোগায়৷


(৪) ভস্ত্ৰিকা প্ৰাণায়াম বা বেলোজ ব্ৰিডিং– এই ব্যায়ামে শৰীৰত তাপৰ সৃষ্টি কৰি এনাৰ্জি প্ৰৱেশৰ পথ খুলি দিয়ে৷ শৰীৰৰ অতিৰিক্ত চৰ্বি, যি সহজতে নকমে; সেই সমস্যা দূৰ কৰাত এই ব্যায়ামে সহায় কৰে৷ এই ব্যায়ামে শৰীৰত প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ যোগান ধৰে৷


(৫) অগ্নিসাৰ– এই ব্যায়াম কৰাৰ ফলত পেটত মাংসপেশী শক্তিশালী হয়৷ ফলত হজম সংক্ৰান্তীয় সমস্যা বহুগুণে দূৰ কৰে৷ এই ব্যায়ামে পেটৰ মাজত তাপ সৃষ্টি কৰি মেদ গলোৱাত সহায় কৰে৷ অগ্নি অৰ্থাৎ জুই আৰু সাৰ অৰ্থাৎ সুগন্ধ– এই দুই শব্দৰ সংযোগেৰে এই অগ্নিসাৰ শব্দটোৰ সৃষ্টি হৈছে৷


(৬) ভ্ৰামৰী– এই ব্যায়াম কৰিলে শৰীৰত অক্সিজেনৰ যোগান বঢ়াই দিয়ে৷ এই ব্যায়াম কৰিলে লগে লাগে নিশ্বাস এৰিব লাগে৷ মুখ বন্ধ কৰি ৰাখি মৌমাখি বা ভোমোৰাৰ দাৰে শব্দ গলেৰে এৰিব লাগে৷ এই ব্যায়ামে হজম শক্তি বঢোৱাৰ লগতে সুগঠিত শৰীৰ গঠনত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here