পেটৰ অতিৰিক্ত চৰ্বি কমাবলৈ বক্ৰাসন কৰক

0
54

খাদ্যৰ ভেজালকৰণ, জীৱনশৈলীৰ পৰিৱৰ্তন তথা বিশৃংখল জীৱন যাপনে আমাৰ শৰীৰ তথা মনত বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰে৷ এনেধৰণৰ কুঅভ্যাসবোৰৰ ফলত শৰীৰলৈ বিভিন্ন ৰোগক নিয়ন্ত্ৰণ কৰা হয়৷ আনহাতে মানুহৰ কৰ্মব্যস্ততা ইমানেই বাঢ়িছে যে বিনা কাৰণত এখোজ দিবলৈও সময় উলিয়াব নোৱাৰে৷ দৈনন্দিন ৰুটিন একেবাৰে কপকপীয়া হৈ থাকে৷ কিন্তু ইয়াৰ মাজতে আকৌ বহুতেই সময় উলিয়াই স্বাস্থ্য ৰক্ষাৰ বাবে কচৰৎ কৰে৷ তেনে লোকে স্বাস্থ্যৰ গুৰুত্ব বুজি যোগব্যায়াম বা শৰীৰচৰ্চা অব্যাহত ৰাখে আৰু এয়া নিতান্তই কৰণীয়ও৷ আমাৰ বহুতেই পুৱা উঠিয়েই বিভিন্ন প্ৰকাৰৰ যোগাসন কৰে৷ এই যোগাসনৰ ফলসমূহ কিন্তু সুকীয়া সুকীয়া হয়৷ কেনোটো যদি পেটৰ স্বাস্থ্যৰ পক্ষে ভাল আনটো আকৌ মগজু বা পিঠিৰ সমস্যা সমাধান কৰিব পাৰে৷ তেনে এটা যোগাসন হ’ল বক্ৰাসন, যিয়ে পেটৰ চৰ্বি কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আনহাতে নিয়মিতভাৱে বক্ৰাসন কৰিলে শৰীৰক নমনীয় কৰাত সহায় কৰে, পেটৰ অতিৰিক্ত মেদ কমোৱাৰ লগতে হজমৰ ৰস নিয়ন্ত্ৰণ কৰি হজম শক্তি উন্নত কৰাত সহায় কৰে৷ যাৰ ফলত বদহজম, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে৷ সেয়ে নিয়মিতভাৱে বক্ৰাসন কৰি ইয়াৰ সুফল লাভ কৰোঁ আহক৷
কিদৰে কৰিব বক্ৰাসন ঃ- এই আসন কৰিবলৈ সিমান উজু নহয়৷ আসন কৰাৰ আগতে মাটিত ভালদৰে বহি লওক৷ ইয়াৰ পাছত যিকোনো এখন ভৰি আগতে সম্পূৰ্ণ মেলি দিয়ক৷ যদি বাওঁভৰিখন সম্পূৰ্ণ আগলৈ মেলি দিছে তেনেহ’লে সোঁভৰিখন বুকুত লগাকৈ কোঁচাই লওক৷ এনে অৱস্থাত বাওঁহাতখনেৰে সোঁভৰিখনৰ উৰু অংশত হেঁচি ধৰক, যাতে সোঁভৰিখন লৰচৰ কৰিব নোৱাৰে৷ এনে সময়ত সোঁহাতখন মাটিৰ ধৰি শৰীৰৰ ভাৰসাম্য বজাই ৰাখে৷ অনুৰূপ ধৰণে বাওঁহাত আৰু সোঁভৰিৰে অল্টাৰনেট হিচাপে ইয়াৰ পাছত কৰক৷ এইদৰে দুয়ো ফালেৰে দুবাৰমান কৰিবলৈ যত্ন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here