পৃথিৱীৰ ঘূৰ্ণন এক ছেকেণ্ডৰ বাবে বন্ধ হ’লে কি হ’ব ?

0
209


পৃথিৱীৰ ঘূৰ্ণন আমাৰ গ্ৰহৰ গতিশীল ছিষ্টেমৰ এটা মৌলিক দিশ৷ আমাৰ পৰিৱেশৰ বিভিন্ন দিশ গঠন তথা জীৱনক প্ৰভাৱিত কৰাৰ ঘূৰ্ণনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ পৃথিৱীৰ ঘূৰ্ণনৰ গুৰুত্ব বৈজ্ঞানিক, জলবায়ু তথা ভূতাত্ত্বিক মাত্ৰাৰ জৰিয়তে অন্বেষণ কৰা হ’ব পাৰে৷ নিজৰ অক্ষ বা পথৰ উপৰি পৃথিৱীৰ ঘূৰ্ণনে দিন আৰু ৰাতি হোৱাৰ প্ৰক্ৰিয়াৰ সৃষ্টি কৰে৷ পৃথিৱীৰ ঘূৰ্ণনৰ ২৪ ঘণ্টা চক্ৰৰ ফলত দিন অথবা ৰাতি হয়, যি আমাৰ দৈনন্দিন জীৱনক নিয়ন্ত্ৰণ কৰে৷ এই ঘূৰ্ণনে পৃথিৱীৰ মহাকৰ্ষীয় শক্তিকো প্ৰভাৱিত কৰে৷ সমুদ্ৰৰ স্ৰোত তথা বায়ুমণ্ডলীয় সঞ্চালনৰ নিদৰ্শনবোৰৰ গঠনত অৱদান ৰাখে৷ কিন্তু কি হ’ব, যদি এক ছেকেণ্ডৰ বাবে হ’লেও আমাৰ গ্ৰহৰ ঘূৰ্ণন বন্ধ হৈ যায়৷ এই কাল্পনিক প্ৰশ্নটো বিজ্ঞানীৰ মহলত কেইবাবাৰো আলোচনা হৈছে৷ বৈজ্ঞানিক সম্প্ৰদায়ৰ লগতে সাধাৰণ মানুহেও এই অপ্ৰত্যাশিত দৃশ্য চাবলৈ বা চোৱাৰ আগ্ৰহ ব্যক্ত কৰিছে৷ বিশেষজ্ঞই জনোৱা মতে পৃথিৱীৰ ঘূৰ্ণন বন্ধ হ’লে বা স্তব্ধ হ’লে ইয়াৰ ফলাফল বিধ্বংসী হ’ব৷ পৃথিৱী তাৰ অক্ষৰ ওপৰত প্ৰতি ছেকেণ্ডত ৪০০ মিটাৰ বেগত প্ৰদক্ষিণ কৰে অৰ্থাৎ ঘূৰে৷ স্মিথছোনিয়ান মেগাজিন কোৱা হৈছে যে এইধৰণৰ অবাঞ্ছিত ঘটনা ঘটিলে অৰ্থাৎ পৃথিৱীৰ ঘূৰ্ণন বন্ধ হ’লে আমাৰ গ্ৰহৰ কাৰণে বিপৰ্যয় দেখা দিব৷ বিষুৱ ৰেখাত পৃথিৱীৰ ঘূৰ্ণন গতি প্ৰায় এক হাজাৰ মাইল প্ৰতি ঘণ্টাত৷ যদি এই গতি হঠাৎ বন্ধ হৈ যায়, তেনেহ’লে এই গতিবেগ আগলৈ গতি কৰিব৷ যাৰ ফলত ঘূৰ্ণমান পাথৰ আৰু মহাসাগৰত প্ৰবল ভূমিকম্প আৰু ছুনামিৰ সৃষ্টি হ’ব৷ পৃথিৱীয়ে তাৰ অক্ষৰ ওপৰত প্ৰচণ্ড গতিত ঘূৰাৰ এই গতি যদি স্তব্ধ হয় তেতিয়া আন গ্ৰহত চৌম্বকীয় ক্ষেত্ৰত ক্ষতি কৰাৰ সম্ভাৱনা অধিক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here