পৃথিৱীলৈ আহিল মহাকাশৰ পৰাপ্ৰেৰণ কৰা প্ৰথমটো লেজাৰ বাৰ্তা

0
179


মহাকাশৰ পৰা প্ৰেৰণ কৰা প্ৰথমটো লেজাৰ বাৰ্তা পৃথিৱীয়ে গ্ৰহণ কৰে৷ এই বাৰ্তা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এখন যানে পৃথিৱীৰ পৰা ১.৬ কোটি কিলোমিটাৰ দূৰৈৰ মহাকাশৰ পৰা প্ৰেৰণ কৰিছিল৷ নাছাৰ মতে এই দূৰত্ব পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ প্ৰায় ৪০ গুণতকৈও অধিক৷ নাছাই ফ্লৰিডাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা চাইকী মহাকাশ যানত থকা ডিপ স্পেচ অপ্টিকেল কমিউনিকেশ্যনে এই লেজাৰ বাৰ্তা পৃথিৱীলৈ প্ৰেৰণ কৰিছিল৷ এই বাৰ্তা পৃথিৱীত পাবলৈ সময় লাগে মাত্ৰ ৫০ ছেকেণ্ড৷ নাছাৰ মতে ইমানদিনে বেতাঁৰ সংকেত ব্যৱহাৰ কৰি মহাকাশ যানৰ সৈতে যোগাযোগ কৰি থকা হৈছিল৷ কিন্তু পূৰ্বতে কেতিয়াও ইমান দূৰৰ মহাকাশৰ পৰা লেজাৰ ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ কৰা নাছিল৷ নাছাৰ বিষয়া টাৰ্ডি কৰ্টিছৰ মতে এই সফলতাই মহাকাশ যোগাযোগ ব্যৱস্থাক উন্নত কৰাৰ পথ মুকলি কৰিব৷ আনহাতে নাছাৰ ডি এছ অ’ টিৰ টেকন’লজিষ্ট অভিজিত বিশ্বাসে কয় যে প্ৰথমটো লেজাৰ বাৰ্তা প্ৰেৰণ কৰাটো আমাৰ বাবে ডাঙৰ অভিজ্ঞতা৷ আমি দীৰ্ঘদিন ধৰি অপ্টিকেল ফাইবাৰ ব্যৱহাৰ কৰি মহাকাশ যানৰ সৈতে যোগাযোগ স্থাপন কৰিছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰ কাৰণে আমি লেজাৰ বাৰ্তা লাভ কৰিলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here