পুৱাই কফিৰ পৰিৱৰ্তে আপেল খোৱাৰ অভ্যাস কৰক

0
60

আমাৰ সকলোৰে সাধাৰণতে পুৱা শুই উঠিয়ে চাহ বা কফি খোৱাটো অভ্যাস৷ পুৱাৰ ভাগৰ কফি বা চাহকাপে আমাক গোটেই দিনটো সতেজ কৰি ৰাখে৷ একাপ কফিত প্ৰায় এশ মিলিগ্ৰাম কেফেইন থাকে, যাৰ ফলত আমাৰ দেহটোক সতেজ কৰি তোলাৰ লগতে কৰ্মস্পৃহা যোগাই তোলে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে পুৱাৰ ভাগত একাপ কফি খোৱাতকৈ এটা আপেল খোৱা বেছি লাভদায়ক৷ এটা মধ্যমীয়া আকাৰৰ আপেলত প্ৰায় ২৫ গ্ৰাম কাৰ্বহাইড্ৰেট আৰু ৯০ কেল’ৰি থাকে৷ ইয়ে বহু দেৰিলৈকে আমাৰ শৰীৰটোক সক্ৰিয় আৰু সতেজ কৰি ৰাখে৷ গতিকে যিখিনি উপাদান শৰীৰক লাগে, আটাইখিনিয়ে আপেলৰ জৰিয়তে পাব পাৰি৷ বিশেষকৈ, ব্ৰেকফাষ্টৰ সময় বা শৰীৰচৰ্চাৰ আগতে কফি বা চাহৰ পৰিৱৰ্তে আপেল খালে অধিক সতেজ অনুভৱ কৰা যায়৷ আপেলত যদিও কেফেইন নাথাকে, তাৰ পৰিৱৰ্তে ১৩ গ্ৰাম প্ৰাকৃতিকভাৱে চেনি পোৱা যায়৷ এনেভাৱে পোৱা চেনিয়ে কেফেইনৰ দৰে কাম কৰে৷ ইয়ে শৰীৰৰ শক্তি বৃদ্ধি কৰে৷ যাৰ দ্বাৰা আপেলত থকা ভিটামিনখিনি শৰীৰে গ্ৰহণ কৰে৷ ইয়াৰ উপৰি আপেলত প্ৰচুৰ পৰিমাণৰ ভিটামিন, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, চিট’নিউট্ৰিয়েন থাকে, যিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখে৷ সেয়েহে পুৱা চাহ বা কফি খোৱাৰ পৰিৱৰ্তে এটা আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here