পুনৰ ঘোলা হৈছে ব্ৰহ্মপুত্ৰৰ পানী

0
1775
পুনৰ ঘোলা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী৷

পুনৰ ঘোলা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী৷ বিগত কিছুদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে ক’লা হোৱা পৰিলক্ষিত হৈছে, যেন পানীত কিবা ৰাসায়নিক দ্ৰব্যহে মিশ্ৰণ হৈছে আৰু ইয়াক লৈয়ে সজাগ জনতাৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হৈ এই পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হৈছিল আৰু সেই পানী খাই বহুতো জীৱ-জন্তু, মাছ-কাছৰ মৃত্যু হৈছিল৷ বৰ্তমানেও যোৱা কেইবাদিনৰ পৰা মহাবাহুৰ মাজেৰে বৈ যোৱা প্ৰদূষিত পানীয়ে জীৱকুল তথা নৈপৰীয়া জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ সন্দেহ কৰা হৈছে যে অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত চীনে গোপনে নিৰ্মাণ কৰা বৃহৎ বৃহৎ ডেম্পৰ বাবে ইয়াৰ পানী ঘোলা হৈছে৷

আৰু পঢ়ক-পৈতৃক সম্পত্তি !দুমহীয়া সন্তানৰ নামত চন্দ্ৰত মাটি ক্ৰয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here