পুনৰ কণ্টেইনমেণ্ট জ’ন ক’ত ক’ত ? Containment zones again! Where?

0
257
ৰাজ্যত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ বিশেষকৈ ৰাজধানী গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা৷ যাৰ বাবে  দীৰ্ঘ সময়ৰ পাছত পুনৰ মহানগৰীত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ গুৱাহাটীত মুঠ তিনিটা স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি প্ৰশাসনে উক্ত অঞ্চলকেইটাত সকলো লোকৰে প্ৰৱেশ আৰু প্ৰস্থান সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ কেশৱ মহন্তই প্ৰকাশ কৰা মতে, গুৱাহাটীৰ ৰূপনগৰত থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ (চি এম ভিজিলেন্স)ৰ ১১ গৰাকীকৈ বিষয়া-কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হৈছে৷ যাৰ বাবে ৰূপনগৰত থকা স্বতন্ত্ৰ সেনানী ভৱনটোৰ লগতে সমীপৰ অঞ্চলটো সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ সেই অনুসৰি, পূৰ্বে শ্ৰীমন্তপুৰ পথ, পশ্চিমে ৰূপনগৰ মূল পথ, উত্তৰে এ এছ টি চিৰ  ৱৰ্কশ্বপ আৰু দক্ষিণে জি এম চি পথক সামৰি লৈছে এই কণ্টেইনমেণ্ট জ’নে৷ সম্প্ৰতি উক্ত কাৰ্যালয়টোত কৰ্মৰত সকলো কৰ্মচাৰীৰে কভিড পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে মালিগাঁও কামাখ্যা হাইস্কুলৰ লগতে গাড়ীগাঁও প্ৰাথমিক বিদ্যালয়কো মাইক্ৰ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ কথা জানিবলৈ দি মন্ত্ৰীজনে কয় যে কামাখ্যা হাইস্কুলৰ প্ৰধান শিক্ষকজন কৰ’নাত আক্ৰান্ত হৈছে৷ একেদৰে গাড়ীগাঁও প্ৰথামিক বিদ্যালয়ৰো তিনিজনকৈ শিক্ষক কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে উক্ত স্কুলখনকো মাইক্ৰ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষনা কৰি পাঠদান বন্ধ কৰি দিয়া হৈছে৷  স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰি কয় যে যিবোৰ এলেকাত সাতদিনত দহজনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হ’ব, তেনেবোৰ এলেকাক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব৷ লকডাউনৰ পৰিৱৰ্তে চৰকাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here