পুনৰ উত্তৰাখণ্ডত জলপ্ৰলয়ৰ আশংকা আছে নেকি?

0
1132

উত্তৰাখণ্ডৰ চামলি জিলাত হিমবাহ ভগাৰ পাছত জমা হোৱা আৱৰ্জনাৰে ঋষিগংগা নদীৰ উজনি অংশত পানীৰ গতি পথ বন্ধ হৈ পৰিছে৷ ফলত পাহাৰৰ ওপৰত এটা কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে৷ অহৰহ পানী জমা হোৱাৰ ফলত সৃষ্টি হোৱা চাপে যিকোনো সময়তে এই কৃত্ৰিম হ্ৰদ ভাঙি পেলোৱা আৰু পুনৰ এক জলপ্ৰলয়ৰ সৃষ্টিৰ আশংকা কৰা হৈছে৷ হিমবাহ ভাগি পৰাৰ ফলত হোৱা জলপ্ৰলয়ৰ পাছত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে পোৱা ফটোৰ পৰা বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি হিমালয়ৰ বহু ওপৰত ৰন্তি শৃংগত হিমবাহ ভাগিছিল৷ হিমবাহ ভাগি পৰাৰ পাছত লগত বৃহৎ পৰিমাণৰ আৱৰ্জনাৰ সৈতে ৰন্তি শৃংগৰ পৰা ৰন্তি জুৰিত পৰিছিল৷ এই জুৰিটো অলপ তললৈ আহি ঋষিগংগা নদীত মিলিত হৈছে৷ হিমবাহ ধল বাগৰি ৰন্তি জুৰিত পৰে আৰু তাৰ পৰা ঋষিগংগা নদীত পৰিছিল৷ জলস্তৰ হ্ৰাস পোৱাৰ পাছত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে পোৱা ফটোৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰন্তি জুৰি আৰু ঋষিগংগাৰ সংগমস্থলীত বৃহৎ পৰিমাণৰ আৱৰ্জনা তথা গেদ জমা হয় আৰু এটা অস্থায়ী বান্ধৰ  ৰূপ লয়৷ ফলত ঋষিগংগাত পানীৰ প্ৰবাহ বন্ধ হৈ পৰে৷ ডেৰাডুনৰ ৱাডিয়া ইনষ্টিটিউট অব্‌ হিমালয়ান জিঅ’লজিৰ সঞ্চালক কলাচান্দ ছৈনৰ মতে, অধ্যয়নকাৰী দলৰ তথ্য আৰু আকাশৰ পৰা তোলা ফটোৰ পৰা ঋষিগংগা আৰু ৰন্তি জুৰিৰ সংগমস্থলীত এটা কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে৷ ইয়াৰ পানী নীলা ৰঙৰ দেখা পোৱা হৈছে, অৰ্থাৎ পানী কেইবাদিনো জমা হৈছে৷ পানী বাঢ়ি যোৱাৰ ফলত উক্ত অস্থায়ী বান্ধত হেঁচাও বৃদ্ধি পাইছে৷ ফলত যিকোনো সময়তে এই অস্থায়ী বান্ধটো ভাগি নামনিৰ অংশত জলপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here