পিঁয়াজে তেজত শৰ্কৰা কমোৱাত কিদৰে সহায় কৰে?

0
1739

যিসকল ব্যক্তি ডায়েবেটিছ ৰোগত আক্ৰান্ত, সাধাৰণতে সেইসকলক মাটিৰ তলত হোৱা পাচলি যেন– আলু, পিঁয়াজ, ৰঙালাউ, বীট, গাজৰ আদি খোৱাটো বাৰণ কৰা হয়৷ সেয়ে আলুৰ লগতে পিঁয়াজকো খাদ্য তালিকাৰ পৰা বাদ দিয়ে সেইসকল লোকে৷ কিন্তু আপুনি জানি হয়তো ভাল পাব যে সম্প্ৰতি এক সমীক্ষাত পিঁয়াজ খাবলৈ কোৱা হৈছে, বিশেষকৈ পিঁয়াজৰ ৰস৷ আমি পিঁয়াজৰ ৰস, কম কেলৰি ডিটক্স পানীয় সম্পৰ্কে ক’বলৈ বিচাৰিছো, যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত উপকাৰী হিচাপে বিবেচিত হৈছে৷ পিঁয়াজ ভাৰতীয় ৰন্ধন প্ৰণালীত এক গুৰুত্বপূৰ্ণ পাচলি৷ প্ৰতিদিন শাক-পাচলিত মছলা হিচাপে পিঁয়াজ ব্যৱহাৰ কৰাৰ উপৰি কেঁচাই, চালাড, চুপ আদি হিচাপেও খোৱা হয়৷ গৱেষণাৰ পৰা জনা হৈছে যে পিঁয়াজে উচ্ছ ৰক্তচাপ, উচ্ছ ৰাইগ্লিচাৰাইড স্তৰ নাইবা প্ৰদাহৰ লগতে হৃদৰোগৰ বিকাৰ আদি হ্ৰাস কৰাত সহায় কৰে৷ পিঁয়াজৰ ৰস প্ৰস্তুত কৰিবলৈ সাধাৰণতে কাটি থোৱা পিঁয়াজ,পানী, নেমুৰ ৰস বা নিমখ ল’ব লাগে৷ গোটেই মিশ্ৰণটো এটা পাত্ৰত ৰাখিব লাগে৷ তা পাছত তাত নেমুৰ ৰস আৰু নিমখ মিহলাব লাগে৷ নিমখে পিঁয়াজৰ তীক্ষ্ণতা কমায়৷ এই মিশ্ৰণটোত মৌও দিব পৰা যায়৷ প্ৰস্তুত কৰা মিশ্ৰণটো পাছত অলপ অলপকৈ সেৱন কৰিব লাগে৷


– পিঁয়াজত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ইয়ে শৰীৰত চেনিৰ স্তৰ নিয়ন্ত্ৰণত সহায়ক হয়।
– পিঁয়াজে হজমত সংশোধন কৰে৷ পিঁয়াজত থকা আঁহে অন্ত্ৰৰ চলাচলৰ আৰু অধিক সহজ কৰি তোলে৷
– পিঁয়াজত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰৰ ফ্ৰি ৰেডিকেলৰ সৈতে যুঁজ কৰি ছালখনক সু্‌স্থ কৰি ৰখাত সহায় কৰে৷
– পিঁয়াজৰ ৰসে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়৷
– পিঁয়াজে কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে৷
– পিঁয়াজত কম কাৰ্বহাইড্ৰেট থাকে৷ পিঁয়াজত শৰ্কৰা কম থাকে বাবে দেহত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷

এই প্ৰতিবেদন কেৱল মাত্ৰ সাধাৰণ তথ্যৰ বাবেহে যুগুত কৰা হৈছে৷ ইয়াৰ বিকল্প হিচাপে আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাটো একান্তই প্ৰয়োজনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here