পাৰিপাশ্বিৰ্কভাৱে অতি বিপজ্জনকৰ ভিতৰত ৯৯খন মহানগৰেই এছিয়াৰ

0
1786

পাৰিপাশ্বিৰ্কভাৱে অতি বিপজ্জনক পৃথিৱীৰ ১০০খন মহানগৰৰ ভিতৰত ৯৯খনেই এছিয়া মহাদেশৰ আৰু চাৰি-পঞ্চমাংশ ভাৰত আৰু চীনৰ৷ যোৱা ১৩ মে’ত প্ৰকাশিত এটা বিপদ মূল্যায়নত এই কথা কোৱা হৈছে৷ প্ৰতিবেদনখনৰ মতে কিছুমান কাৰকৰ বাবে মুঠ ডেৰশ কোটি জনসংখ্যা থকা ৪০০খনৰো অধিক বৃহৎ মহানগৰ ‘বেছি’ বা ‘অতি বেছি’ বিপজ্জনক৷ সেই কাৰকবোৰৰ ভিতৰত আছে পানীৰ যোগান ক্ৰমাৎ কমি অহা, মাৰাত্মক গ্ৰীষ্ম প্ৰৱাহ, প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ুৰ পৰিৱৰ্তন৷ তালিকাৰ শীৰ্ষত স্থান পাইছে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাই৷ মহানগৰখনত প্ৰদূষণ, বান আৰু গ্ৰীষ্ম প্ৰৱাহ ভয়ংকৰ৷ কিন্তু বিশ্বৰ ২০খন অতি বিপজ্জনক মহানগৰৰ ভিতৰত ১৩খন থকা ভাৰতৰ বাবে আন যিকোনো দেশতকৈ ভৱিষ্যতটো চিন্তনীয়৷ বিজনেছ ৰিস্ক্‌ এনালিষ্ট্‌ছ ভেৰিস্ক্‌ মেপ্‌লক্ৰফ্‌টে যুগুত কৰা ৫৭৬খন মহানগৰৰ গ্ল’বেল ইন্‌ডেক্সত দ্বিতীয় স্থানত আছে দিল্লী৷ তাৰ পাছত আছে ভাৰতৰ আন মহানগৰসমূহ ক্ৰমে চেন্নাই (তৃতীয় স্থানত), আগ্ৰা (ষষ্ঠ), কানপুৰ (দশম), জয়পুৰ (দ্বাবিংশ) আৰু লক্ষ্ণৌ (চতুৰ্বিংশ)৷ ২৭ সংখ্যক স্থানত আছে মুম্বাই৷ কেৱল বায়ু প্ৰদূষণৰ কাৰণেই ভাৰততে প্ৰতিবছৰে ১০ লাখ লোকৰ অকাল মৃত্যু হয়৷ এছিয়াৰ বাহিৰত আটাইতকৈ বেছি বিপজ্জনক মহানগৰবোৰ আছে মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত৷ কিন্তু ১০০খন মহানগৰৰ ভিতৰত এছিয়াৰ বাহিৰৰ একমাত্ৰ মহানগৰখন হ’ল পেৰুৰ ৰাজধানী লিমা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here