পাকস্থলীত ঘা লাগিলে কি কৰিব?

0
2008


পাকস্থলীৰ ঘা যাক ‘গেষ্ট্ৰিক আলচাৰ’ বুলি জনা যায়৷ বৰ্তমান ই প্ৰায়ভাগ লোকৰ মাজতে এক গুৰুত্বৰ সমস্যাৰূপে দেখা দিছে৷ এই ৰোগ পুৰুষ-মহিলা উভয়ৰে হয় যদিও পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত একাধিক হোৱা দেখা যায়৷ সাধাৰণতে আহাৰ ভালদৰে চোবাই নোখোৱা, অত্যধিক ভোকত আহাৰ নোখোৱা, শৌচ খোলোচা নোহোৱা, বেছিকৈ মছলাযুক্ত খাদ্য খোৱা, পিত্তৰস বৃদ্ধি আদিয়ে পাকস্থলীৰ ঘা লগাৰ মূল কাৰণ৷ পাকস্থলীত ঘা লাগিলে পেট ফুলে, ভোক নালাগে, পেটৰ বিষ হয়, বমি হয়, অৰুচি ভাব হয়, ৰক্তহীনতা, অধিক পিয়াহ লাগে৷ ইয়াৰ প্ৰতিকাৰ হিচাপে-
(১) কেঁচা কল, হালধিৰ ৰস ৰাতিপুৱা-গধূলি খাব লাগে৷
(২) আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে সুফল পোৱা যায়৷
(৩) নহৰুৰ ৰসৰ লগত সামান্য পানী মিহলি কৰি খালে ভাল হয়৷
(৪) গাজৰৰ ৰসৰ লগত আমলখিৰ ৰস আৰু মৌ মিহলাই খাব লাগে৷
(৫) মিঠা পকা আমৰ ৰস চেকি খালেও আৰাম পোৱা যায়৷
(৬) অমিতাও এই ৰোগত উপকাৰী৷
(৭) আপেলৰ টুকুৰা পানীত উতলাই সেই পানীত অলপ মৌ মিহলাই খালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here