পাকঘৰৰ ৰান্ধনীৰ বাবে কেইটামান টিপ্‌ছ

0
948


মহিলাসকলে প্ৰায়ে পাকঘৰত খাদ্য বনাওঁতে কিছুমান সমস্যাৰ সন্মুখীন হয়৷ কেতিয়াবা যদি দাইলখন নিসিজে, কেতিয়াবা পাচলি কাটোতে হাতত দাগ লাগে, আকৌ কেতিয়াবা খাদ্য বেয়া হৈ যায় ইত্যাদি৷ সেয়েহে আজি আমি লৈ আহিছোঁ তেওঁলোকৰ বাবে কেইটামান বিশেষ টিপ্‌ছ৷


(১)
পিঁয়াজ কাটোতে হাতত দাগ লাগিলে কেঁচা আলু সানিলে সহজে দাগ নাইকিয়া হয়
(২) ৰান্ধনী ঘৰৰ ৰেকত পোক-পৰুৱা বা পঁইতাচোৰাৰ পৰা ৰক্ষা পাবলৈ কেঁচা নহৰু কেইফুটমান থেতেলিয়াই ৰেকত বা আলমাৰিত ভৰাই ৰাখিব লাগে৷

Free Photo | Woman cooking at kitchen


(৩) প্ৰেছাৰ কুকাৰত লাগি থকা দাগবোৰ গুচাবলৈ তেঁতেলীৰ পাত এমুঠি বা নেমু এফাল প্ৰেছাৰ কুকাৰত পানীৰ সৈতে সিজালে দাগবোৰ নাইকিয়া হয়৷
(8) দৈ নাফাটিবৰ কাৰণে দৈত পদিনাৰ পাত ৰাখক৷

(৫) পিঁয়াজ কাটোতে চকুৰ পোৰণি নাইকিয়া কৰিবলৈ কাটিবলগীয়া পিঁয়াজটো ঠাণ্ডা পানীত পাঁচ মিনিটমান সময় ৰাখিহে কাটিব লাগে৷

Why Do Onions Make You Cry? » Science ABC


(৬) ৰান্ধনী ঘৰত একেটা টেমাতে লং আৰু ইলাচী একেলগে ৰাখিব নালাগে৷ কাৰণ লং আৰু ইলাচী একেলগে ৰাখিলে ইলাচীৰ গোন্ধ নাইকিয়া হয়৷
(৭) গুৰ পুৰণা হ’লে পেলাই নিদি বৈয়াম এটাত ভৰাই লৈ মাজে মাজে ৰ’দত দি ৰাখিলে ই বিশ বছৰপৰ্যন্ত ঔষধৰ দৰে কাম কৰে৷
(৮) কাটি থোৱা আপেল ক’লা পৰি নাযাবলৈ নিমখ মিহলোৱা পানীত আপেলটো ডুবাই ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here