পদিনা-আদাৰ চাহ! কি গুণ আছে?

0
1658


আপুনি যদি এনেকুৱা একাপ চাহ বিচাৰিছে, যিয়ে আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাৰ ইমিউনিটি ধৰি ৰখাটো সহায়ক হয়, তেন্তে পদিনা-আদাৰে তৈয়াৰী চাহকাপ আপোনাৰ ডায়েটৰ কাৰণে এটা ভাল বিকল্প৷ এই পদিনা-আদাৰ চাহে আপোনাৰ পাচন প্ৰক্ৰিয়াও সুস্থ কৰি ৰাখিব পাৰে৷ পদিনাৰ ঔষধি গুণাগুণৰ বিষয়ে ইতিমধ্যে সকলোৰে জ্ঞাত৷ নিউট্ৰিচনিষ্ট ডাঃ চিমৰন চাইনীৰ মতে, পদিনাৰ চাহে ওজন হ্ৰাস, মানসিক চাপমুক্ত কৰাৰ লগতে ছালৰ কাৰণেও উত্তম৷ পদিনাৰ দৰে আদাৰ চাহো প্ৰায় সকলো মানুহৰ ঘৰতে বহুলভাৱে জনপ্ৰিয় হোৱাৰ লগতে ব্যৱহৃত৷ ফিকা চাহকাপৰ লগত অলপ আদা পিচি খাই সকলোৱে ভাল পায়৷ আদাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰটোক সতেজ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰে৷ গতিকে আপোনাৰ ৰাতিপুৱাৰ চাহকাপত যদি এই দুইবিধ ঔষধিগুণসম্পন্ন সামগ্ৰী মিশ্ৰণ কৰা হয় ,তেন্ত ভাবকচোন আপোনাৰ শৰীৰটোৰ কাৰণে কিমান লাভদায়ক হ’ব৷

পদিনা-আদাৰ চাহ কেনেকৈ তৈয়াৰ কৰিব-
পদিনা-আদাৰ চাহ বনাবলৈ প্ৰথমে পদিনাৰ পাত আৰু আদা পিচি লৈ পানীত উতলাব লাগে৷ ইয়াৰ চেণ্ট নোলোৱালৈকে ভালকৈ উতলাব লাগে৷ তাৰ পাছত তাত চাহপাত আৰু অলপ গাখীৰ ঢালি আকৌ দুই মিনিটমান উতলাব লাগে৷ চাহখিনি চেকি লৈ আধা চামুচ মৌ মিশ্ৰণ কৰি গৰমে গৰমে সেৱন কৰিব লাগে৷ চাহপাত আৰু গাখীৰ অবিহণেও এইবিধ পানীয় খাব পাৰি৷


এনেধৰণৰ পদিনা-আদাৰ চাহে–

(১) আপোনাৰ মুখৰ দুৰ্গন্ধ নাইকিয়া কৰাত সহায় কৰে৷
(২) হজম শক্তি বৃদ্ধি কৰি বদহজম, গেছ আদি নিৰ্মূল কৰে৷
(৩) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(৪) পদিনাত থকা মেন্থলে জ্বৰ-কাহ-চৰ্দি নিৰাময় কৰে৷
(৫) পদিনা-আদাৰ চাহ কেফেইনমুক্ত হোৱা হেতুকে যিকোনো সময়তে সেৱন কৰিব পাৰি৷
(৬) আয়ুৰ্বেদ শাস্ত্ৰত পদিনা-আদাৰ চাহক মানসিক চাপমুক্ত, মূৰৰ বিষ, মাইগ্ৰেইন আদিত ব্যৱহাৰ কৰা হয়৷
(৭) উচ্ছ ৰক্তচাপ দূৰ কৰে৷
(৮) ছাল আৰু চুলিৰ বিভিন্ন সমস্যাত উপকাৰী৷
(৯) পদিনা-আদাৰ চাহত থকা এণ্টিইনফ্লেমেটৰি আৰু এণ্টিমাইক্ৰ’বিয়েলে কৰ্কট ৰোগ নিৰাময় কৰিব পাৰে৷
(১০) পদিনা-আদাৰ চাহে মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here