নৱবৰ্ষ-বনভোজক লৈ চৰকাৰৰ নতুন SOP || Government’s new SOP for New Year’s Day and picnics

0
289
নৱবৰ্ষৰ আগমনৰ লগে লগে ৰাজ্যত বনভোজৰ ধুম উঠে ৷ বছৰৰ শেষত বনভোজৰ আমোদ লয় সকলোৱে ৷ এইবাৰৰ নৱবৰ্ষ-বনভোজৰ বাবে ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ কিয়নো প্ৰতিবছৰে বনভোজৰ বাবে যোৱা বাহনসমূহ দুৰ্ঘটনাগ্ৰস্ত হৈ অনেকৰ জীৱনলৈ লৈ আনে কাল অমানিশা ৷ সেয়েহে এইবাৰ চৰকাৰৰ পৰিবহণ বিভাগে বনভোজলৈ যোৱা গাড়ীসমূহৰ বাবে বিশেষ কিছুমান নিৰ্দেশনা জাৰি কাৰিছে ৷ অন্যথা ভৰিব লাগিব জৰিমনাৰ লগতে বিশেষ শাস্তিমূলক ব্যৱস্থা ৷ ৰাজ্যৰ প্ৰতিটো স্থানতেই পুৱাৰ পৰাই আৰক্ষী প্ৰশাসন সষ্টম হৈ থাকিব ৷ নিৰ্দেশ অনুসৰি সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব ৷ তাৰ সমান্তৰালকৈ সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ৷ ইয়াৰ উপৰি জে’ল হাজোতলৈও যাবলগীয়া হ’ব পাৰে, যদিহে সুৰাপান কৰি গাড়ী চলায় ৷ বাতিল হ’ব চালকৰ অনুজ্ঞা-পত্ৰ ৷ ইয়াৰ উপৰি গাড়ীৰ মালিকৰ লগতে বনভোজ খাবলৈ যোৱা লোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে ৷ তদুপৰি বনভোজলৈ গ’লে গাড়ীৰ লগতে লাউডস্পীকাৰত বনভোজস্থলীত উচ্চস্বৰত বজাব নোৱাৰিব সংগীত ৷ ৬০ কিলোমিটাৰৰ অধিক বেগত গাড়ী চলাব নোৱাৰিব ৷ ৩০ ডিচেম্বৰলৈ বনভোজৰ বাবে দিয়া এই কঠোৰ নিয়ম কাৰ্যকৰী হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here