নেমুৰ ৰস নিয়মিতভাৱে খালে প্ৰতিৰোধ হয় এইসমূহ ৰোগ (Regular intake of Lemon juice prevents these diseases)

0
458
নেমু বিশেষকৈ গৰমৰ দিনত সকলো মানুহৰে খাদ্য তালিকাত সন্নিৱিষ্ট এবিধ খাদ্য৷ ভাতৰ পাতত বহি এচকলা নেমু বিচৰাৰ উপৰি নেমুৰ চৰ্বত, নেমুৰ ৰস উলিয়াই আমি সকলোৱে খাওঁ৷ মানৱ জীৱনত নেমুৰ গুণাগুণৰ বিষয়ে বহুলভাৱে সমাদৃত৷ ভিটামিন-C-ৰ উৎস নেমুই আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰে৷ নেমুৱে কি কি ৰোগ প্ৰতিৰোধ কৰে,আপোনালোকক সেই বিষয়ে জনাবলৈ লৈছোঁ৷

(১) নেমুত থকা ভিটামিন-C য়ে শৰীৰৰ কোষবোৰ সজীৱ কৰি ৰখাৰ লগতে কোষবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে৷ যিয়ে মাৰাত্মক কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷


(২) নেমুৰ ৰস সেৱনে শৰীৰত আইৰনৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰটোক সুস্থ কৰি ৰখাত অৰিহণা যোগায়৷ যিহেতু আইৰনৰ অভাৱৰ বাবে এনিমিয়া ৰোগ হয়, সেয়ে এনে ৰোগ হোৱাত নেমুৰ ৰসে বাধাৰ সৃষ্টি কৰে৷


(৩) শৰীৰৰ ওজন কমোৱাত নেমুৰ ৰসে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে৷ অস্বাভাৱিক ওজন বৃদ্ধিৰ সমস্যাৰ বাবে দৈনিক নেমুৰ ৰস সেৱন কৰিলে কাৰ্যকৰী ফল পোৱা যায়৷


(৪) নেমুৰ ৰসে বেক্টেৰিয়া প্ৰতিৰোধ কৰাত সহায় কৰে৷ মুখ বা ডিঙিৰ ঘা, টনছিলৰ সংক্ৰমণ আদি ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে৷

10 natural home remedies to get rid of mouth ulcers | The Times of India


(৫) ছালৰ বিভিন্ন ধৰণৰ সমস্যা, ছালৰ উজ্জ্বলতা বৃদ্ধি, ছালখন নিমজ কৰি ৰাখিবলৈ নেমুৰ ৰস খোৱা অত্যন্ত জৰুৰী৷


(৬) শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখিবলৈ আৰু ভাল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক নেমুৰ ৰস সেৱন কৰিব পাৰে৷


(৭) দাঁতৰ বিষ, দাঁতৰ বিভিন্ন ৰোগ নিৰ্মূলৰ বাবে নেমুৰ ৰস কাৰ্যকৰী৷

How to Relieve Wisdom Tooth Pain | The James Clinic Blog


(৮) নেমুৰ ৰসত যথেষ্ট পৰিমাণে ভিটামিন-C থকা হেতু মানসিক চাপ দূৰ কৰাৰ লগতে শৰীৰৰ শক্তি বৃদ্ধিত সহায় কৰে৷


(৯) নেমুৰ ৰসত ভিটামিন-C আৰু পটেচিয়াম পোৱা যায় বাবে হৃদপিণ্ডৰ কাৰ্যক্ষমতা বঢ়োৱাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here