ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ বাবে প্ৰকৃততে দায়ী কোন ?

0
930

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমকো কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৱে বিস্তৰ ক্ষতি সাধন কৰিছে। প্ৰথমটো ঢৌত হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ পাছত অকণমান সকাহ পাইছিলহে মাত্ৰ, পুনৰ দ্বিতীয়টো ঢৌৱে দেশখনৰ সহস্ৰ সহস্ৰ লোকৰ জীৱন কাঢ়ি নিলে। তচনচ হৈ পৰিল জন-জীৱন। অসমতো যোৱা কেইদিনমান ধৰি প্ৰতিদিনেই ৩ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হৈ আছে। যেনি-তেনি কেৱল মৃত্যুৰ কিৰিলি। কৰ’নাৰ এই দ্বিতীয়টো ঢৌৰ বাবে প্ৰকৃততে দায়ী কোন ? সাধাৰণ জনতা, চৰকাৰ নে নিৰ্বাচন আয়োগ। চাবলৈ গ’লে উল্লেখিত প্ৰত্যেকেই কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৰ বাবে কম-বেছি পৰিমাণে দায়ী। জনতাই ভুলৰ পৰা শিক্ষা লোৱা উচিত আছিল। কৰ’না মহামাৰীৰ প্ৰথমটো ঢৌত বহু আপোনাজনক হেৰুৱাৰ পাছতো নিৰ্বাচনৰ ঢৌত নিজেই ইমানকৈ উটি-ভাহি যোৱা উচিত নাছিল। আনহাতেদি কেন্দ্ৰীয় চৰকাৰ তথা নিৰ্বাচন আয়োগেও কঠোৰভাৱে কভিড প্ৰট’কল জাৰি কৰি জনসাধাৰণক প্ৰতি মুহূৰ্ততে সজাগ আৰু সতৰ্ক কৰি ৰাখিব লাগিছিল। কিন্তু তাকে নকৰি চৰকাৰ তথা নিৰ্বাচন আয়োগে কৰ’নাৰ ভয়াৱহতাৰ ফালে পিঠি দি কেৱল নিৰ্বাচনত মনোনিৱেশ কৰিলে। আনকি খোদ জনপ্ৰতিনিধিসকলেই নিৰ্বাচনী সভাত মাস্ক পিন্ধা, শাৰীৰিক দূৰত্ব মানি চলাৰ দৰে কভিড প্ৰ’ট’কলবোৰ মানি নচলিলে। প্ৰজাই ৰজাকেই অনুসৰণ কৰে। নিৰ্বাচনত বহু জনপ্ৰতিনিধি তথা প্ৰতিদ্বন্দ্বীসকলে মনোনয়নপত্ৰ দাখিল কৰিবলৈ লগত লৈ গ’ল হাজাৰ হাজাৰ দলীয় কৰ্মকৰ্তা তথা শুভাকাংক্ষীক। এনেদৰেই দেশৰ পাঁচখনকৈ ৰাজ্যৰ নিৰ্বাচনী সভাসমূহত কভিড প্ৰট’কল অবিহনে‌ই সহস্ৰ সহস্ৰ লোকৰ সমাগমেই কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৰ বাবে যথেষ্ট নাছিলনে ? আজি দেশৰ পৰিস্থিতি ইমানেই তথৈবচ যে সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতে সহায়ৰ ভিক্ষা মাগিবলগা হৈছে। প্ৰশ্ন উঠিব পাৰে-মহাৰাষ্ট্ৰ, দিল্লী আদিৰ দৰে ঠাইত নিৰ্বাচন হোৱা নাছিল, তাত কিয় কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিলে ? এইবাবেই কৰিলে যে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য-চৰকাৰসমূহে কভিড প্ৰট’কলসমূহ অঘোষিতভাৱে শিথিল কৰি দিলে। যদি কেন্দ্ৰীয় চৰকাৰে কভিড প্ৰট’কলসমূহ প্ৰত্যেকখন ৰাজ্যৰ জনগণক কঠোৰভাৱে অতিকমেও দুবছৰ মানি চলিবলৈ বাধ্য কৰালেহেঁতেন, তেন্তে দেশে আকৌ হাজাৰ হাজাৰ লোকক হেৰুৱাব লগা নহ’লহেঁতেন। আকৌ কৈছোঁ– আমি ভুলৰ পৰা শিক্ষা লোৱা উচিত। পুনৰ একেই ভুল কৰি কৰ’নাৰ তৃতীয়টো ঢৌক যাতে আমি কেতিয়াও আমন্ত্ৰণ জনাবলগা পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে চৰকাৰ-প্ৰশাসন তথা সাধাৰণ জনতাও সমানেই সজাগ আৰু সতৰ্ক হোৱা উচিত। পৰৱৰ্তী সময়ত দেশত অনুষ্ঠিত হ’বলগা নিৰ্বাচনসমূহতো নিৰ্বাচন আয়োগ সতৰ্ক তথা কঠোৰতকৈও কঠোৰ হোৱা উচিত। শত্ৰুক দুৰ্বল বুলি নভবাটোৱেই হৈছে বুদ্ধিমানৰ চিন্তা। এই সময়ত দেশৰ আটাইতকৈ ডাঙৰ শত্ৰুৱেই হৈছে কভিড-১৯। আহক এই শত্ৰুৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ‌ওঁ আৰু শত্ৰুক পৰাস্ত কৰোঁ। এয়া একোৱেই অসম্ভৱ নহয়। কাৰণ মহাবীৰ নিপোলিয়নে কৈছিল– অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে পোৱা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here