নিৰামিষ আহাৰৰ ৰজা পনীৰে কিদৰে উপকাৰ কৰে?

0
1844
নিৰামিষভোজীসকলৰ বাবে পনীৰ এক অত্যন্ত প্ৰয়োজনীয় খাদ্য৷ সাধাৰণতে পনীৰ গাখীৰৰ পৰা উৎপন্ন হয়৷ পনীৰত বহুতো পুষ্টি যেনে– প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট, ফোলেট, কেলচিয়াম আদি পোৱা যায়৷ এইবোৰ লাগতিয়াল উপাদানে আমাৰ শৰীৰটো সবল-শক্তিশালী কৰাত সহায় কৰে৷ পনীৰে কিদৰে আমাক উপকাৰ কৰে জানো আহক৷

(১) কেঁচা পনীৰ সেৱনে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ পনীৰত থকা প্ৰ’টিন, ভিটামিন-B3, ভিটামিন-B6, চেলেনিয়াম, ভিটামিন-E আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে বাবে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷


(২) পনীৰে শৰীৰৰ ওজন হ্ৰাসত অৰিহণা যোগায়৷ পনীৰত যথেষ্ট পৰিমাণে লিনোলিক এচিড পোৱা যায়৷ যি শৰীৰত চৰ্দি দহন প্ৰক্ৰিয়া দ্ৰুত গতিত বঢ়াই তোলে৷ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’ব নোৱাৰে৷


(৩) পনীৰে শৰীৰৰ দুৰ্বলতা, ভাগৰ আদি আঁতৰ কৰাত সহায় কৰে৷ কেঁচা পনীৰ বহুতো পুষ্টিৰে সমৃদ্ধ হোৱা বাবে শাৰীৰিক দুৰ্বলতা, ভাগৰ আদিৰ নোহোৱা কৰিব পাৰে৷

Make Your Own Paneer | BC Dairy Association


(8) পনীৰে আমাৰ শৰীৰৰ প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত পনীৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷


(৫) কোষ্ঠকাঠিন্যৰ সমস্যা, পাচনতন্ত্ৰ উন্নত কৰাত পনীৰে মুখ্য ভূমিকা লয়৷ পনীৰত থকা আইচোচিন আৰু চৰ্বিটল নামৰ উপাদান থকাৰ বাবে এইধৰণৰ সমস্যাৰ পৰা শৰীৰটোক ৰক্ষা কৰে৷


(৬) পনীৰত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফচফৰাছ পোৱা যায়৷ এইবোৰ উপাদানে আমাৰ হাড় শক্তিশালী আৰু মজবুত কৰাত সহায় কৰে৷


সেয়েহে নিৰামিষ আহাৰৰ ৰজা পনীৰ নিৰামিষভোজী লগতে আমিষভোজীসকলেও নিয়মিতৰূপে আমাৰ খাদ্য-তালিকাৰ ৰাখি শৰীৰ সুস্থ-শক্তিশালী কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here