নিশাৰ আহাৰ গ্ৰহণ কৰিদহ মিনিট খোজ কাঢ়ক

0
461


আধুনিক জীৱন শৈলীত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈও সময় নোহোৱা হৈছে৷ এতিয়া মানুহে খাদ্য খোৱাৰ পাছত দীঘলীয়া সময় বহি থাকে বা নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে শেতেলিত পৰে৷ আপোনাৰো যদি এনে ধৰণৰ অভ্যাস আছে তেন্তে সাৱধান হোৱা ভাল৷ কিয়নো নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে শুবলৈ যোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ ইয়াৰ ফলত মেদবহুলতাকে ধৰি ভালেমান ৰোগ হ’ব পাৰে৷ এনে ধৰণৰ জীৱনশৈলীয়ে আমাৰ পাচনতন্ত্ৰতো প্ৰভাৱ পেলায়৷ বিশেষজ্ঞসকলৰ মতে, নিশা আহাৰ গ্ৰহণ কৰাৰ পাছত যদিহে দহ মিনিট খোজ কঢ়া হয় তেতিয়া মেদবহুলতা, ৰক্তচাপ, বহুমূত্ৰ আৰু পাচনৰ সৈতে জড়িত সমস্যাৰ পৰা মুক্ত হৈ থকিব পাৰি৷ এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, নিশা খাদ্য গ্ৰহণ কৰাৰ পাছত ১০-১৫ মিনিট খোজ কাঢ়িলে তেজত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক হৈ থাকে৷ কেৱল দহ মিনিট খোজ কাঢ়িলেই টাইপ-২ বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ এই অধ্যয়নটোৰ পৰা আৰু জানিব পৰা মতে, খাদ্য খোৱাৰ পাছত ৬০-৯০ মিনিট খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ শৰীৰত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ই আটাইতকৈ ভাল উপায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here