নিটি আয়োগৰ সুস্থিৰ বিকাশৰ তালিকাত গুৱাহাটীৰ স্থান কিমান ? What is NITI Aayog’s ranking for Assam in sustainable growth?

0
472

এইবাৰ নিটি আয়োগে প্ৰকাশ কৰা সুস্থিৰ বিকাশৰ লক্ষ্যপ্ৰাপ্তিত গুৱাহাটীয়ে অন্তিম পাঁচখন চহৰৰ মাজৰ স্থান লাভ কৰিছে৷ স্বচ্ছ সৰ্বেক্ষণৰ পৰিচ্ছন্নতাৰ ফলত দেশৰ বিভিন্ন চহৰৰ ভিতৰত তিনিশতকৈও তলত স্থান দখল কৰিছে৷ ২০৩০ চনৰ ভিতৰত সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে নিটি আয়োগে ভাৰত আৰু জামাৰ্নীৰ উমৈহতীয়া প্ৰচেষ্টাত ২০২১-২২ চনৰ চহৰসমূহৰ তালিকা প্ৰকাশিত হৈছে৷ এই তালিতাৰ কাৰণে মুঠ ৫৬খন চহৰ বিবেচনা কৰা হৈছে৷ এই চহৰসমূহৰ ভিতৰত ৪৪খন চহৰৰ জনসংখ্যা ১০ লাখতকৈ বেছি হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰৰে ধৰি ১২খন এনে চহৰ আছিল, য’ত জনসংখ্যা ১০ লাখতকৈ কম লগতে ৰাজ্যখনৰ ৰাজধানীৰ সৈতে জড়িত৷ এই তালিকাত ৭৫.৫ নম্বৰ লাভ কৰি হিমাচল প্ৰদেশৰ ছিমলা চহৰে সকলোতকৈ শীৰ্ষত আছে৷ ছিমলাৰ পাছতে তামিলনাডুৰ কইম্বাটুৰ আৰু চণ্ডীগড় চহৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মুঠ ১০০ নম্বৰৰ ভিতৰত ৫৫.৭৯ নম্বৰ লাভ কৰি গুৱাহাটীয়ে তালিকাৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ আগত স্থান লাভ কৰে৷ উল্লেখ্য যে আন্তঃৰাৰাষ্ট্ৰীয়ভাৱে স্বীকৃত ৭৭টা বিষয়ত ভিত্তি কৰি সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here