নিজৰ বয়স কমোৱাৰকাৰণে কোটি কোটি টকা ব্যয়

0
133


বৰ্তমান মানুহে নিজৰ বয়স হ্ৰাস কৰাৰ চেষ্টা কৰি আছে৷ ইয়াৰ বাবে চহকী লোকসকলে কোটি কোটি টকা ব্যয় কৰিবলৈ সাজু আছে৷ তেনেকুৱা এজন ব্যক্তি হ’ল ব্ৰায়ন জনছন৷ জনছনে নিজৰ বয়স কমোৱাৰ কাৰণে কোটি কোটি টকা ব্যয় কৰিছে৷ কিন্তু শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়াত দিয়া এটা প’ষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ জনছনে এই প’ষ্টটোত উল্লেখ কৰিছে যে তেওঁৰ ‘ছুপাৰ ব্লাডে তেওঁৰ পিতৃৰ বয়স ৪৫ বছৰ হ্ৰাস কৰিলে৷ এন ডি টিভিত প্ৰকাশ পোৱা এটা বাতৰিত এই কথা কোৱা হৈছে৷ প’ষ্টটোত জনছনে কয়, ‘মোৰ এক লিটাৰ প্লাজমা লোৱাৰ পাছত মোৰ পিতৃৰ [৭০ বছৰ] বয়স বঢ়াৰ গতি ২৫ বছৰ সমান লেহেম হৈ পৰিল আৰু চিকিৎসাৰ ছমাহৰ পাছত তেওঁৰ সেই অৱস্থা অব্যাহত আছে৷ ইয়াৰ অৰ্থ হ’ল আমি যিটো গতিত ডাঙৰ হওঁ সেই একে গতিত আমাৰ বয়সো বাঢ়ে৷ মোৰ পৰা এক লিটাৰ প্লাজমা লোৱাৰ পাছত মোৰ দেউতাৰ বয়স ৪৬ বছৰৰ হাৰত বৃদ্ধি পাইছে৷ ইয়াৰ আগতে তেওঁৰ বয়স ৭১ বছৰীয়া ব্যক্তিৰ বৃদ্ধি পাইছিল৷’ মন কৰিবলগীয়া যে জনছনে নিজৰ বয়স বঢ়াৰ প্ৰক্ৰিয়াটো মন্থৰ কৰিব পাৰি নে নোৱাৰি বা এই প্ৰক্ৰিয়াটোক বিপৰীত দিশত নিব পাৰি নেকি সেইটো চোৱাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা খাদ্য, শোৱা, ব্যায়াম তথা চিকিৎসাৰ সহায় লৈছে৷ ইয়াৰ বাবত প্ৰতি বছৰে ২০ লাখ ডলাৰ ব্যয় কৰে৷ ইয়াৰ ফলত তেওঁৰ হাঁওফাঁওৰ শক্তি আৰু সহন ক্ষমতা ১৮ বছৰীয়া ব্যক্তিৰ সমান, হৃৎপিণ্ড ৩৭ বছৰীয়া ব্যক্তিৰ দৰে আৰু গাৰ ছাল ২৮ বছৰীয়া ব্যক্তিৰ দৰে হৈ পৰা বুলি তেওঁ দাবী কৰে৷ জনছনে প্ৰতিদিনে নিশা ৮ -৩০ বজাত শোৱে, পুৱা ৬-১১ বজাৰ ভিতৰত ২,২৫০ কেলৰী খায় আৰু চাৰিৰ পৰা পাঁচ ঘণ্টা ধ্যান কৰে৷ জনছনে দৈনিক ১১১টা টেবলেট সেৱন কৰে৷ এদিনত তেওঁ এশবাৰতকৈ অধিক পৰিপূৰক খাদ্য গ্ৰহণ কৰে৷ ৩০জনীয়া চিকিৎসকৰ দল এটাই তেওঁৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে আৰু এম আৰ আই কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here