নাভীত লগাওক এইবিধ তেলচিৰদিন চছ্‌মাক দিয়ক বাই বাই

0
381


চকুযুৰি হৈছে আমাৰ অবিচ্ছেদ্য অংগ৷ যাৰ জৰিয়তে আমি প্ৰকৃতিৰ ৰূপ, সৌন্দৰ্য উপভোগ কৰিব পাৰে৷ ভগৱান দান চকুযুৰিৰ দ্বাৰা আমি ওচৰ নাইবা দূৰৰ প্ৰত্যেক বস্তুৰে ধৰণ-কৰণ অনুভৱ কৰিব পাৰোঁ৷ কিন্তু বিভিন্ন কাৰণত আজিকালি সৰু কালৰে পৰাই চকুৰ বিকাৰ আৰম্ভ হয়৷ বায়ু প্ৰদূষণ, চাৰিওফালে ধূলিময় পৰিৱেশ, যান-বাহনৰ দ্বাৰা হোৱা প্ৰদূষিত বায়ু আদিৰ ফলত সৰুৰে পৰা চকুৰে মণিব নোৱৰা, চকুৰ দৃষ্টিশক্তি দুৰ্বল তথা চকুৰ নানা সমস্যাই দেখা দিয়ে৷ ইয়াৰ পৰা ৰক্ষা পাবলৈ চিকিৎসকৰ ওচৰ চাপিবলগীয়াও হয়৷ বৃদ্ধৰ পৰা আৰম্ভ কৰি সৰু ল’ৰা-ছোৱালীৰ চকু দুৰ্বল হৈ পৰে৷ ইয়াৰ বাবে কম বয়সতে চছ্‌মা পিন্ধিবলগীয়া হয়৷ আনহাতে প্ৰাচীন চিকিৎসা পদ্ধতি আয়ুৰ্বেদ তথা প্ৰাকৃতিক চিকিৎসা মতে চকুযুৰি সুৰক্ষিত তথা নিৰোগী কৰি ৰাখিবলৈ বিভিন্ন প্ৰতিকাৰ আছে৷ ইয়াৰ পৰিত্ৰাণৰ উপায় হিচাপে প্ৰতিদিনে নাভীত ঘি অথবা বাদাম তেল লগোৱা অন্যতম৷ বিশেষজ্ঞৰ মতে এই প্ৰতিকাৰটো ইমানেই কাৰ্যকৰী যে ই চকুৰ দৃষ্টিশক্তি উন্নত কৰি চছ্‌মাৰ পৰা বহুযোজন আঁতৰত ৰাখে৷ নাভী হ’ল শৰীৰৰ কেন্দ্ৰবিন্দু৷ আয়ুৰ্বেদ তথা প্ৰাকৃতিক চিকিৎসা অনুসাৰে শৰীৰৰ বিভিন্ন অংশৰ ৭২ হাজাৰ স্নায়ু এই নাভিৰ সৈতে যুক্ত হৈ থাকে৷ ইয়াৰ মাজত চকুলৈ যোৱা অপ্টিকেল নাৰ্ভডালো আছে৷ সেয়ে গৰ্ভস্থ শিশুই পুষ্টি তথা খাদ্য পায় তথা নাভীৰ সৈতে সংযুক্ত আৰু নাভীৰ পৰাই বিকাশ লাভ কৰে৷ চকুৰ কাৰণে প্ৰাকৃতিক চিকিৎসাত ঘৰুৱা গৰুৰ ঘি অথবা বাদাম তেল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞই৷ ঘি আৰু বাদাম তেলৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় যে গৰুৰ ঘি ক্ষাৰীয় আৰু ইয়াৰ প্ৰকৃতি শীতল৷ সেয়ে যিকোনো ঋতুতে ব্যৱহাৰ কৰিব পৰা যায়৷ আনহাতে বাদাম তেল গৰম প্ৰকিৃতৰ হোৱা হেতু গ্ৰীষ্মকালত নাভীত লগাব নালাগে৷ যদিও শীতকালত নাভীত বাদামৰ তেল লগাব পাৰে, তথাপি দেশী গৰুৰ ঘি থাকিলে ইয়াক বেছি প্ৰাধান্য দিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here