Home Daily news নাছাৰ নতুন অভিযান : পৃথিৱীলৈ আনিব মঙল গ্ৰহত সংগ্ৰহ কৰা নমুনা

নাছাৰ নতুন অভিযান : পৃথিৱীলৈ আনিব মঙল গ্ৰহত সংগ্ৰহ কৰা নমুনা

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহত সংগ্ৰহ কৰা বিভিন্ন তথ্য তথা নমুনা পৃথিৱীলৈ অনাৰ পৰিকল্পনা কৰিছে৷ নাছাৰ এই অভিযানত ইউৰোপীয়ান মহাকাশ সংস্থায়ো [ই এছ এ] সহযোগ কৰিব৷ মঙল গ্ৰহৰ পৰা নমুনা পৃথিৱীলৈ ঘূৰাই অনাৰ এই অভিযানক নাম দিয়া হৈছে ‘নাছা মাৰ্ছ চেম্পল ৰিটাৰ্ন কেম্পেইন [মঙলৰ পৰা নমুনা অনাৰ অভিযান]৷ এই অভিযানৰ অধীনত ২০৩৩ চনৰ ভিতৰত মঙল গ্ৰহৰ পৰা নমুনাসমূহ পৃথিৱীলৈ অনা হ’ব৷ নাছাই অলপতে প্ৰকাশ কৰা মতে, এই অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰণালীৰ সমীক্ষা ইতিমধ্যে কৰা হৈছে৷ নাছাই এটা ভিডিঅ’ৰ জৰিয়তে মঙল গ্ৰহৰ পৰা নমুনাসমূহ কেনেকৈ পৃথিৱীলৈ অনা হ’ব সেয়া প্ৰকাশ কৰিছে৷ বৰ্তমান নাছাৰ পাৰ্ছিভেন্স ৰ’ভাৰে মঙল গ্ৰহৰ জেজেৰ’ গহবৰত অভিযান চলাই আছে৷ যানখনে জেজেৰ’ৰ নমুনা সংগ্ৰহ কৰি আছে৷ নাছাই এই প্ৰণালীৰ জৰিয়তে ভৱিষ্যতৰ অভিযানবোৰত জটিলতা হ্ৰাস কৰা আৰু অধিক সফলতা লাভ কৰাৰ সম্ভৱনা বৃদ্ধি পোৱাৰ আশা কৰিছে৷ ভিডিঅ’টোত দেখুওৱা মতে, মঙলৰ পৰা নমুনা আনিবলৈ যোৱা মাৰ্ছ ৰ’ভাৰ লেণ্ডাৰৰ কাষ চাপিব এই পাৰ্ছিভেন্স৷ পাৰ্ছিভেন্সে যানখনৰ কণ্টেইনাৰত নমুনাসমূহ জমা কৰিব৷ ইয়াৰ পাছত ৰ’ভাৰৰ দুখলপীয়া ৰকেটৰ বিস্ফোৰণ ঘটিব আৰু ইয়াৰ পাছৰ পৰ্যায়ত ইউৰোপীয়ান মহাকাশ সংস্থাৰ এম এছ আৰ অৰ্বিটাৰৰ লগ লাগিব৷ মাৰ্ছ লেণ্ডাৰ, মাৰ্ছ ৰকেট আৰু ই এছ এ অৰ্বিটাৰ ২০২৮ চনত উৎক্ষেপণ কৰা হ’ব আৰু ২০৩১ত মঙল গ্ৰহ পাবগৈ৷ ২০৩৩-ত  পৃথিৱীলৈ উভতি আহিব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...